قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ

আল-ক্বদৰ

سورہ کے بعض مقاصد:
بيان فضل ليلة القدر.
কদৰৰ ৰাতিৰ ফজিলতৰ বৰ্ণনা। info

external-link copy
1 : 97

اِنَّاۤ اَنْزَلْنٰهُ فِیْ لَیْلَةِ الْقَدْرِ ۟ۚۙ

নিশ্চয় আমি কোৰআনখন এবাৰতে পৃথিৱীৰ আকাশত অৱতীৰ্ণ কৰিছো, যিদৰে ৰমজান মাহৰ সন্মানিত ৰাতিত (লাইলাতুল ক্বদৰত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰা আৰম্ভ কৰিছোঁ। info
التفاسير:

external-link copy
2 : 97

وَمَاۤ اَدْرٰىكَ مَا لَیْلَةُ الْقَدْرِ ۟ؕ

হে নবী, আপুনি জানে নে এই ৰাতিত কিমান মঙ্গল আৰু বৰকত আছে। info
التفاسير:

external-link copy
3 : 97

لَیْلَةُ الْقَدْرِ ۙ۬— خَیْرٌ مِّنْ اَلْفِ شَهْرٍ ۟ؕؔ

এয়া সৰ্বোত্তম মঙ্গল ৰাতি। কিয়নো এয়া ঈমান আৰু পূণ্য প্ৰাপ্তৰ উদ্দেশ্যে ৰাতি জাগৰণ কাৰীৰ বাবে এক হাজাৰ মাহৰ ৰাতিতকৈও উত্তম। info
التفاسير:

external-link copy
4 : 97

تَنَزَّلُ الْمَلٰٓىِٕكَةُ وَالرُّوْحُ فِیْهَا بِاِذْنِ رَبِّهِمْ ۚ— مِنْ كُلِّ اَمْرٍ ۟ۙۛ

সেই ৰাতিত ফিৰিস্তাসকল আৰু জিব্ৰীল আলাইহিছ ছালামে তেওঁলোকৰ প্ৰতিপালকৰ আদেশমৰ্মে সেই বছৰত আল্লাহ তাআলাই লোৱা সকলো নিৰ্ণয়ৰ সৈতে অৱতীৰ্ণ হয়। যদিও সেই নিৰ্ণয় জীৱিকা, মৃত্যু, জন্ম সম্পৰ্কীয় নহওঁক কিয়। info
التفاسير:

external-link copy
5 : 97

سَلٰمٌ ۛ۫— هِیَ حَتّٰی مَطْلَعِ الْفَجْرِ ۟۠

এই বৰকতময় ৰাতি পৰিপূৰ্ণভাৱে কল্যাণকৰ, এই কল্যাণ, আৰম্ভৰ পৰা অন্তলৈ অৰ্থাৎ ফজৰ লৈকে থাকে। info
التفاسير:
حالیہ صفحہ میں آیات کے فوائد:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি। info

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী। info

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে। info