قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ

external-link copy
44 : 38

وَخُذْ بِیَدِكَ ضِغْثًا فَاضْرِبْ بِّهٖ وَلَا تَحْنَثْ ؕ— اِنَّا وَجَدْنٰهُ صَابِرًا ؕ— نِّعْمَ الْعَبْدُ ؕ— اِنَّهٗۤ اَوَّابٌ ۟

আয়্যুব আলাইহিচ্ছালামে যেতিয়া নিজ পত্নীৰ ওপৰত অসন্তুষ্ট হ'ল, আৰু তাইক এশ বেত্ৰাঘাত কৰাৰ শপত গ্ৰহণ কৰিলে, তেতিয়া আমি তেওঁক ক'লোঃ হে আয়্যুব! আপুনি আপোনাৰ শপত পূৰণ কৰিবলৈ এমুঠি কোমল আৰু পাতল ডাল-পাত লওক, আৰু সেইটোৰে তাইক বেত্ৰাঘাত কৰক। কিন্তু তথাপিও আপুনি আপোনাৰ শপত ভংগ নকৰিব। এতেকে তেওঁ কোমল আৰু পাতল এমুঠি ঠাল-ঠেঙুলি লৈ তাইক বেত্ৰাঘাত কৰিলে। আমি তেওঁক যি যি পৰীক্ষাত পতিত কৰিছোঁ, সেই পৰীক্ষাতেই তেওঁক ধৈৰ্যশীল পাইছোঁ। তেওঁ আছিল অতি উত্তম বান্দা। নিশ্চয় তেওঁ আল্লাহৰ প্ৰতি অধিক প্ৰত্যাৱৰ্তনকাৰী আৰু তাওবাকাৰী আছিল। info
التفاسير:
حالیہ صفحہ میں آیات کے فوائد:
• من صبر على الضر فالله تعالى يثيبه ثوابًا عاجلًا وآجلًا، ويستجيب دعاءه إذا دعاه.
বিপদৰ সময়ত যিয়ে ধৈৰ্য্য ধাৰণ কৰিব, আল্লাহে তাক পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে ছোৱাব প্ৰদান কৰিব। তেওঁ আল্লাহৰ ওচৰত যেতিয়াই প্ৰাৰ্থনা কৰিব তেতিয়াই তেওঁৰ প্ৰাৰ্থনা কবূল কৰিব। info

• في الآيات دليل على أن للزوج أن يضرب امرأته تأديبًا ضربًا غير مبرح؛ فأيوب عليه السلام حلف على ضرب امرأته ففعل.
উক্ত আয়াতত প্ৰমাণ পোৱা গ'ল যে, স্বামীয়ে স্ত্ৰীক সংশোধনমূলক মৃদু প্ৰহাৰ কৰিব পাৰে। যিহেতু আয়্যুব আলাইহিচ্ছালামে তেওঁৰ স্ত্ৰীক প্ৰহাৰ কৰাৰ শপত খাই, সেই শপত পূৰণ কৰিছিল। info