قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - ئۇسامىيچە تەرجىمىسى - رەفىقۇل ئىسلام ھەبىيبۇررەھمان

external-link copy
91 : 6

وَمَا قَدَرُوا اللّٰهَ حَقَّ قَدْرِهٖۤ اِذْ قَالُوْا مَاۤ اَنْزَلَ اللّٰهُ عَلٰی بَشَرٍ مِّنْ شَیْءٍ ؕ— قُلْ مَنْ اَنْزَلَ الْكِتٰبَ الَّذِیْ جَآءَ بِهٖ مُوْسٰی نُوْرًا وَّهُدًی لِّلنَّاسِ تَجْعَلُوْنَهٗ قَرَاطِیْسَ تُبْدُوْنَهَا وَتُخْفُوْنَ كَثِیْرًا ۚ— وَعُلِّمْتُمْ مَّا لَمْ تَعْلَمُوْۤا اَنْتُمْ وَلَاۤ اٰبَآؤُكُمْ ؕ— قُلِ اللّٰهُ ۙ— ثُمَّ ذَرْهُمْ فِیْ خَوْضِهِمْ یَلْعَبُوْنَ ۟

আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেইখন কিতাব যিখন মুছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখনক তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু কথা প্ৰকাশ কৰিছা আৰু বহুতখিনিকে গোপন কৰিছা, আৰু (সেই গ্ৰন্থৰ দ্বাৰা) তোমালোকক এনেকুৱা শিক্ষা দিয়া হৈছিল যিটো তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে জনা নাছিলা। কোৱা, (সেইখনক) ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, এতেকে সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক। info
التفاسير: