قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - ئۇسامىيچە تەرجىمىسى - رەفىقۇل ئىسلام ھەبىيبۇررەھمان

بەت نومۇرى:close

external-link copy
160 : 26

كَذَّبَتْ قَوْمُ لُوْطِ ١لْمُرْسَلِیْنَ ۟ۚۖ

লূত সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল, info
التفاسير:

external-link copy
161 : 26

اِذْ قَالَ لَهُمْ اَخُوْهُمْ لُوْطٌ اَلَا تَتَّقُوْنَ ۟ۚ

যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে? info
التفاسير:

external-link copy
162 : 26

اِنِّیْ لَكُمْ رَسُوْلٌ اَمِیْنٌ ۟ۙ

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। info
التفاسير:

external-link copy
163 : 26

فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟ۚ

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। info
التفاسير:

external-link copy
164 : 26

وَمَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مِنْ اَجْرٍ ۚ— اِنْ اَجْرِیَ اِلَّا عَلٰی رَبِّ الْعٰلَمِیْنَ ۟ؕ

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত। info
التفاسير:

external-link copy
165 : 26

اَتَاْتُوْنَ الذُّكْرَانَ مِنَ الْعٰلَمِیْنَ ۟ۙ

‘সৃষ্টিজগতৰ মাজত (নাৰীসকলক এৰি) তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা নেকি? info
التفاسير:

external-link copy
166 : 26

وَتَذَرُوْنَ مَا خَلَقَ لَكُمْ رَبُّكُمْ مِّنْ اَزْوَاجِكُمْ ؕ— بَلْ اَنْتُمْ قَوْمٌ عٰدُوْنَ ۟

‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যি স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি আছা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’। info
التفاسير:

external-link copy
167 : 26

قَالُوْا لَىِٕنْ لَّمْ تَنْتَهِ یٰلُوْطُ لَتَكُوْنَنَّ مِنَ الْمُخْرَجِیْنَ ۟

সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’। info
التفاسير:

external-link copy
168 : 26

قَالَ اِنِّیْ لِعَمَلِكُمْ مِّنَ الْقَالِیْنَ ۟ؕ

তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ এই কুকৰ্মক ঘৃণা কৰোঁ। info
التفاسير:

external-link copy
169 : 26

رَبِّ نَجِّنِیْ وَاَهْلِیْ مِمَّا یَعْمَلُوْنَ ۟

(তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কুকৰ্মৰ পৰা ৰক্ষা কৰা’। info
التفاسير:

external-link copy
170 : 26

فَنَجَّیْنٰهُ وَاَهْلَهٗۤ اَجْمَعِیْنَ ۟ۙ

ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ। info
التفاسير:

external-link copy
171 : 26

اِلَّا عَجُوْزًا فِی الْغٰبِرِیْنَ ۟ۚ

কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত। info
التفاسير:

external-link copy
172 : 26

ثُمَّ دَمَّرْنَا الْاٰخَرِیْنَ ۟ۚ

তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ। info
التفاسير:

external-link copy
173 : 26

وَاَمْطَرْنَا عَلَیْهِمْ مَّطَرًا ۚ— فَسَآءَ مَطَرُ الْمُنْذَرِیْنَ ۟

আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল! info
التفاسير:

external-link copy
174 : 26

اِنَّ فِیْ ذٰلِكَ لَاٰیَةً ؕ— وَمَا كَانَ اَكْثَرُهُمْ مُّؤْمِنِیْنَ ۟

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। info
التفاسير:

external-link copy
175 : 26

وَاِنَّ رَبَّكَ لَهُوَ الْعَزِیْزُ الرَّحِیْمُ ۟۠

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। info
التفاسير:

external-link copy
176 : 26

كَذَّبَ اَصْحٰبُ لْـَٔیْكَةِ الْمُرْسَلِیْنَ ۟ۚۖ

আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল, info
التفاسير:

external-link copy
177 : 26

اِذْ قَالَ لَهُمْ شُعَیْبٌ اَلَا تَتَّقُوْنَ ۟ۚ

যেতিয়া শ্বুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’? info
التفاسير:

external-link copy
178 : 26

اِنِّیْ لَكُمْ رَسُوْلٌ اَمِیْنٌ ۟ۙ

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। info
التفاسير:

external-link copy
179 : 26

فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟ۚ

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। info
التفاسير:

external-link copy
180 : 26

وَمَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مِنْ اَجْرٍ ۚ— اِنْ اَجْرِیَ اِلَّا عَلٰی رَبِّ الْعٰلَمِیْنَ ۟ؕ

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত। info
التفاسير:

external-link copy
181 : 26

اَوْفُوا الْكَیْلَ وَلَا تَكُوْنُوْا مِنَ الْمُخْسِرِیْنَ ۟ۚ

‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণৰূপে ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা। info
التفاسير:

external-link copy
182 : 26

وَزِنُوْا بِالْقِسْطَاسِ الْمُسْتَقِیْمِ ۟ۚ

‘আৰু ওজন কৰিবা সঠিক তুলাচনীত। info
التفاسير:

external-link copy
183 : 26

وَلَا تَبْخَسُوا النَّاسَ اَشْیَآءَهُمْ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟ۚ

‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা। info
التفاسير: