قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - ئۇسامىيچە تەرجىمىسى - رەفىقۇل ئىسلام ھەبىيبۇررەھمان

بەت نومۇرى:close

external-link copy
58 : 21

فَجَعَلَهُمْ جُذٰذًا اِلَّا كَبِیْرًا لَّهُمْ لَعَلَّهُمْ اِلَیْهِ یَرْجِعُوْنَ ۟

তাৰ পিছত তেওঁ মূৰ্তিবোৰ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে; যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায়। info
التفاسير:

external-link copy
59 : 21

قَالُوْا مَنْ فَعَلَ هٰذَا بِاٰلِهَتِنَاۤ اِنَّهٗ لَمِنَ الظّٰلِمِیْنَ ۟

সিহঁতে ক’লে, ‘আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? নিশ্চয় সি হৈছে অন্যতম যালিম’। info
التفاسير:

external-link copy
60 : 21

قَالُوْا سَمِعْنَا فَتًی یَّذْكُرُهُمْ یُقَالُ لَهٗۤ اِبْرٰهِیْمُ ۟ؕ

কিছুমানে ক’লে, ‘আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰোঁতে শুনিছোঁ; যাক ইব্ৰাহীম বুলি কোৱা হয়’। info
التفاسير:

external-link copy
61 : 21

قَالُوْا فَاْتُوْا بِهٖ عَلٰۤی اَعْیُنِ النَّاسِ لَعَلَّهُمْ یَشْهَدُوْنَ ۟

সিহঁতে ক’লে, ‘তেনেহ’লে তাক জনসন্মুখত উপস্থিত কৰাঁ, যাতে সিহঁতে সাক্ষ্য হয়’। info
التفاسير:

external-link copy
62 : 21

قَالُوْۤا ءَاَنْتَ فَعَلْتَ هٰذَا بِاٰلِهَتِنَا یٰۤاِبْرٰهِیْمُ ۟ؕ

সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! আমাৰ উপাস্যবোৰৰ সৈতে তুমিয়েই এই কাম কৰিছা নেকি’? info
التفاسير:

external-link copy
63 : 21

قَالَ بَلْ فَعَلَهٗ ۖۗ— كَبِیْرُهُمْ هٰذَا فَسْـَٔلُوْهُمْ اِنْ كَانُوْا یَنْطِقُوْنَ ۟

তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি এইবোৰে কথা ক’ব পাৰে’। info
التفاسير:

external-link copy
64 : 21

فَرَجَعُوْۤا اِلٰۤی اَنْفُسِهِمْ فَقَالُوْۤا اِنَّكُمْ اَنْتُمُ الظّٰلِمُوْنَ ۟ۙ

তেতিয়া সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক’লে, ‘নিশ্চয় তোমালোকেই আচল অন্যায়কাৰী’। info
التفاسير:

external-link copy
65 : 21

ثُمَّ نُكِسُوْا عَلٰی رُءُوْسِهِمْ ۚ— لَقَدْ عَلِمْتَ مَا هٰۤؤُلَآءِ یَنْطِقُوْنَ ۟

তাৰ পিছত সিহঁতৰ শিৰ নত হ’ল আৰু ক’লে, ‘তুমি দেখোন জানাই যে, এইবোৰে কথা ক'ব নোৱাৰে’। info
التفاسير:

external-link copy
66 : 21

قَالَ اَفَتَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ مَا لَا یَنْفَعُكُمْ شَیْـًٔا وَّلَا یَضُرُّكُمْ ۟ؕ

তেওঁ ক’লে, ‘তেনেহ’লে তোমালোকে আল্লাহৰ পৰিবৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো উপকাৰও কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে? info
التفاسير:

external-link copy
67 : 21

اُفٍّ لَّكُمْ وَلِمَا تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ ؕ— اَفَلَا تَعْقِلُوْنَ ۟

‘ধিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি! তথাপিও তোমালোকে নুবুজানে’? info
التفاسير:

external-link copy
68 : 21

قَالُوْا حَرِّقُوْهُ وَانْصُرُوْۤا اٰلِهَتَكُمْ اِنْ كُنْتُمْ فٰعِلِیْنَ ۟

সিহঁতে ক’লে, ‘যদি তোমালোকে কিবা কৰিব বিচৰা তেন্তে ইয়াক জ্বলাই দিয়া আৰু তোমালোকৰ উপাস্যবোৰক সহায় কৰা’। info
التفاسير:

external-link copy
69 : 21

قُلْنَا یٰنَارُ كُوْنِیْ بَرْدًا وَّسَلٰمًا عَلٰۤی اِبْرٰهِیْمَ ۟ۙ

আমি ক’লোঁ, ‘হে জুই! তুমি ইব্ৰাহীমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা’। info
التفاسير:

external-link copy
70 : 21

وَاَرَادُوْا بِهٖ كَیْدًا فَجَعَلْنٰهُمُ الْاَخْسَرِیْنَ ۟ۚ

সিহঁতে তেওঁক ক্ষতি সাধন কৰিবলৈ চক্ৰান্ত কৰিছিল। কিন্তু আমি সিহঁতকেই বেছি ক্ষতিগ্ৰস্ত কৰি দিলোঁ। info
التفاسير:

external-link copy
71 : 21

وَنَجَّیْنٰهُ وَلُوْطًا اِلَی الْاَرْضِ الَّتِیْ بٰرَكْنَا فِیْهَا لِلْعٰلَمِیْنَ ۟

আমি তেওঁক আৰু লূতক উদ্ধাৰ কৰি সেই (শ্বাম বা চিৰিয়া) দেশত লৈ গ’লোঁ, য’ত বিশ্বাবাসীৰ বাবে আমি কল্যাণ ৰাখিছোঁ। info
التفاسير:

external-link copy
72 : 21

وَوَهَبْنَا لَهٗۤ اِسْحٰقَ ؕ— وَیَعْقُوْبَ نَافِلَةً ؕ— وَكُلًّا جَعَلْنَا صٰلِحِیْنَ ۟

আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলোঁ ইছহাক্ব, লগতে অতিৰিক্ত পুৰস্কাৰস্বৰূপে দান কৰিছিলোঁ ইয়াকূব; আৰু প্ৰত্যেককে আমি সৎকৰ্মপৰায়ণ বনাইছিলোঁ। info
التفاسير: