قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - ئۇسامىيچە تەرجىمىسى - رەفىقۇل ئىسلام ھەبىيبۇررەھمان

بەت نومۇرى:close

external-link copy
76 : 17

وَاِنْ كَادُوْا لَیَسْتَفِزُّوْنَكَ مِنَ الْاَرْضِ لِیُخْرِجُوْكَ مِنْهَا وَاِذًا لَّا یَلْبَثُوْنَ خِلٰفَكَ اِلَّا قَلِیْلًا ۟

আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ প্ৰায় চূড়ান্ত চেষ্টা কৰিছিল, যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে, এনে কৰিলে সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন। info
التفاسير:

external-link copy
77 : 17

سُنَّةَ مَنْ قَدْ اَرْسَلْنَا قَبْلَكَ مِنْ رُّسُلِنَا وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِیْلًا ۟۠

আমাৰ ৰাছুলসকলৰ মাজৰ পৰা তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা। info
التفاسير:

external-link copy
78 : 17

اَقِمِ الصَّلٰوةَ لِدُلُوْكِ الشَّمْسِ اِلٰی غَسَقِ الَّیْلِ وَقُرْاٰنَ الْفَجْرِ ؕ— اِنَّ قُرْاٰنَ الْفَجْرِ كَانَ مَشْهُوْدًا ۟

সূৰ্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত ছালাত কায়েম কৰা আৰু ফজৰৰ ছালাত (আদায় কৰা)। নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়। info
التفاسير:

external-link copy
79 : 17

وَمِنَ الَّیْلِ فَتَهَجَّدْ بِهٖ نَافِلَةً لَّكَ ۖۗ— عَسٰۤی اَنْ یَّبْعَثَكَ رَبُّكَ مَقَامًا مَّحْمُوْدًا ۟

আৰু ৰাতিৰ কিছু অংশত (কোৰআনৰ দ্বাৰা) তাহাজ্জুদ আদায় কৰা, এইটো হৈছে তোমাৰ বাবে এটা অতিৰিক্ত কৰ্তব্য। আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত। info
التفاسير:

external-link copy
80 : 17

وَقُلْ رَّبِّ اَدْخِلْنِیْ مُدْخَلَ صِدْقٍ وَّاَخْرِجْنِیْ مُخْرَجَ صِدْقٍ وَّاجْعَلْ لِّیْ مِنْ لَّدُنْكَ سُلْطٰنًا نَّصِیْرًا ۟

আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সত্যতাৰ সৈতে প্ৰৱেশ কৰোৱা আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি’। info
التفاسير:

external-link copy
81 : 17

وَقُلْ جَآءَ الْحَقُّ وَزَهَقَ الْبَاطِلُ ؕ— اِنَّ الْبَاطِلَ كَانَ زَهُوْقًا ۟

আৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’। info
التفاسير:

external-link copy
82 : 17

وَنُنَزِّلُ مِنَ الْقُرْاٰنِ مَا هُوَ شِفَآءٌ وَّرَحْمَةٌ لِّلْمُؤْمِنِیْنَ ۙ— وَلَا یَزِیْدُ الظّٰلِمِیْنَ اِلَّا خَسَارًا ۟

আৰু আমি কোৰআন অৱতীৰ্ণ কৰোঁ, যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে। info
التفاسير:

external-link copy
83 : 17

وَاِذَاۤ اَنْعَمْنَا عَلَی الْاِنْسَانِ اَعْرَضَ وَنَاٰ بِجَانِبِهٖ ۚ— وَاِذَا مَسَّهُ الشَّرُّ كَانَ یَـُٔوْسًا ۟

আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়। কিন্তু যেতিয়া তাক অনিষ্টই স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে। info
التفاسير:

external-link copy
84 : 17

قُلْ كُلٌّ یَّعْمَلُ عَلٰی شَاكِلَتِهٖ ؕ— فَرَبُّكُمْ اَعْلَمُ بِمَنْ هُوَ اَهْدٰی سَبِیْلًا ۟۠

কোৱা, ‘প্ৰত্যেকেই নিজ নিজ প্ৰকৃতি অনুযায়ী কাম কৰে কিন্তু তোমাৰ প্ৰতিপালকহে অধিক অৱগত যে, কোন সৰ্বাধিক নিৰ্ভুল পথত পৰিচালিত’। info
التفاسير:

external-link copy
85 : 17

وَیَسْـَٔلُوْنَكَ عَنِ الرُّوْحِ ؕ— قُلِ الرُّوْحُ مِنْ اَمْرِ رَبِّیْ وَمَاۤ اُوْتِیْتُمْ مِّنَ الْعِلْمِ اِلَّا قَلِیْلًا ۟

আৰু সিহঁতে তোমাক ৰূহ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ৰূহ হৈছে মোৰ প্ৰতিপালকৰ আদেশ বিশেষ, আৰু তোমালোকক অতি সামান্য জ্ঞানহে দিয়া হৈছে’। info
التفاسير:

external-link copy
86 : 17

وَلَىِٕنْ شِئْنَا لَنَذْهَبَنَّ بِالَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ ثُمَّ لَا تَجِدُ لَكَ بِهٖ عَلَیْنَا وَكِیْلًا ۟ۙ

আৰু আমি ইচ্ছা কৰিলে তোমাৰ প্ৰতি যি অহী কৰিছোঁ তাক নিশ্চয় প্ৰত্যাহাৰ কৰিব পাৰিলোঁহেঁতেন; তাৰ পিছত এই বিষয়ে তুমি আমাৰ বিৰুদ্ধে কোনো কৰ্মবিধায়ক নাপালাহেঁতেন। info
التفاسير: