قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - ئۇسامىيچە تەرجىمىسى - رەفىقۇل ئىسلام ھەبىيبۇررەھمان

بەت نومۇرى:close

external-link copy
54 : 10

وَلَوْ اَنَّ لِكُلِّ نَفْسٍ ظَلَمَتْ مَا فِی الْاَرْضِ لَافْتَدَتْ بِهٖ ؕ— وَاَسَرُّوا النَّدَامَةَ لَمَّا رَاَوُا الْعَذَابَ ۚ— وَقُضِیَ بَیْنَهُمْ بِالْقِسْطِ وَهُمْ لَا یُظْلَمُوْنَ ۟

যদি প্ৰত্যেক অন্যায়কাৰী ব্যক্তিৰ ওচৰত পৃথিৱীৰ সমপৰিমাণ সম্পদ থাকে, তেন্তে সি সেই গোটেইবোৰ মুক্তিপণ হিচাপে প্ৰদান কৰি হ’লেও নিজকে ৰক্ষা কৰিবলৈ উদ্যত হ’ব আৰু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব তেতিয়া সিহঁতে (নিজৰ) অনুতাপ গোপন কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব। info
التفاسير:

external-link copy
55 : 10

اَلَاۤ اِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— اَلَاۤ اِنَّ وَعْدَ اللّٰهِ حَقٌّ وَّلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟

জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে। info
التفاسير:

external-link copy
56 : 10

هُوَ یُحْیٖ وَیُمِیْتُ وَاِلَیْهِ تُرْجَعُوْنَ ۟

তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব। info
التفاسير:

external-link copy
57 : 10

یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَتْكُمْ مَّوْعِظَةٌ مِّنْ رَّبِّكُمْ وَشِفَآءٌ لِّمَا فِی الصُّدُوْرِ ۙ۬— وَهُدًی وَّرَحْمَةٌ لِّلْمُؤْمِنِیْنَ ۟

হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক লগতে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত আহিছে। info
التفاسير:

external-link copy
58 : 10

قُلْ بِفَضْلِ اللّٰهِ وَبِرَحْمَتِهٖ فَبِذٰلِكَ فَلْیَفْرَحُوْا ؕ— هُوَ خَیْرٌ مِّمَّا یَجْمَعُوْنَ ۟

কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ কৃপাত (আহিছে); এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈ এইটো অধিক উত্তম। info
التفاسير:

external-link copy
59 : 10

قُلْ اَرَءَیْتُمْ مَّاۤ اَنْزَلَ اللّٰهُ لَكُمْ مِّنْ رِّزْقٍ فَجَعَلْتُمْ مِّنْهُ حَرَامًا وَّحَلٰلًا ؕ— قُلْ آٰللّٰهُ اَذِنَ لَكُمْ اَمْ عَلَی اللّٰهِ تَفْتَرُوْنَ ۟

কোৱা, ‘তোমালোকে এই বিষয়ে কি কোৱা, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰি লৈছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’? info
التفاسير:

external-link copy
60 : 10

وَمَا ظَنُّ الَّذِیْنَ یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ یَوْمَ الْقِیٰمَةِ ؕ— اِنَّ اللّٰهَ لَذُوْ فَضْلٍ عَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَشْكُرُوْنَ ۟۠

আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, ক্বিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে। info
التفاسير:

external-link copy
61 : 10

وَمَا تَكُوْنُ فِیْ شَاْنٍ وَّمَا تَتْلُوْا مِنْهُ مِنْ قُرْاٰنٍ وَّلَا تَعْمَلُوْنَ مِنْ عَمَلٍ اِلَّا كُنَّا عَلَیْكُمْ شُهُوْدًا اِذْ تُفِیْضُوْنَ فِیْهِ ؕ— وَمَا یَعْزُبُ عَنْ رَّبِّكَ مِنْ مِّثْقَالِ ذَرَّةٍ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ وَلَاۤ اَصْغَرَ مِنْ ذٰلِكَ وَلَاۤ اَكْبَرَ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟

আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকোঁ, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈও ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটোৰ বিষয়ে সুস্পষ্ট কিতাবত (লাওহে মাহফুজত লিপিবদ্ধ) নাই। info
التفاسير: