قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

আল-আলাক্ব

سۈرىنىڭ مەقسەتلىرىدىن:
الإنسان بين هدايته بالوحي وضلاله بالاستكبار والجهل.
মানুহক দুটা পথ দেখুৱা হৈছে, অহীৰ অনুসৰণ কৰি হিদায়ত প্ৰাপ্ত হওক নাইবা অজ্ঞানতা আৰু অহংকাৰ কৰি পথভ্ৰষ্ট হওক। info

external-link copy
1 : 96

اِقْرَاْ بِاسْمِ رَبِّكَ الَّذِیْ خَلَقَ ۟ۚ

হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি প্ৰত্যাদেশ প্ৰেৰণ কৰে সেয়া পঢ়ক। আপোনাৰ সেই প্ৰতিপালকৰ নামৰ সৈতে আৰম্ভ কৰক যিজনে সকলো সৃষ্টিকে সৃজন কৰিছে। info
التفاسير:

external-link copy
2 : 96

خَلَقَ الْاِنْسَانَ مِنْ عَلَقٍ ۟ۚ

যিয়ে মানুহক এক ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে, যিটো প্ৰথমতে পানীৰ টোপাল আছিল। info
التفاسير:

external-link copy
3 : 96

اِقْرَاْ وَرَبُّكَ الْاَكْرَمُ ۟ۙ

হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি প্ৰত্যাদেশ প্ৰেৰণ কৰে সেয়া পঢ়ক। আৰু আপোনাৰ প্ৰতিপালক অতি দয়ালু। যাৰ দয়াৰ আগত কাৰো দয়াৰ তুলনা নাই। তেওঁ বহুত দাতা আৰু উপকাৰকাৰী। info
التفاسير:

external-link copy
4 : 96

الَّذِیْ عَلَّمَ بِالْقَلَمِ ۟ۙ

যিয়ে কলমৰ দ্বাৰা লিখা-মেলা কৰা শিকাইছে। info
التفاسير:

external-link copy
5 : 96

عَلَّمَ الْاِنْسَانَ مَا لَمْ یَعْلَمْ ۟ؕ

মানুহে যি জনা নাছিল সেয়া তেৱেঁই শিকাইছে। info
التفاسير:

external-link copy
6 : 96

كَلَّاۤ اِنَّ الْاِنْسَانَ لَیَطْغٰۤی ۟ۙ

সত্য কথা হৈছে এই যে, দুষ্ট মানুহ যেনে- আবু জাহাল, আল্লাহ তাআলাৰ অবাধ্যতা কৰি তেওঁৰ সীমালংঘন কৰে। info
التفاسير:

external-link copy
7 : 96

اَنْ رَّاٰهُ اسْتَغْنٰی ۟ؕ

তাৰ ওচৰত ধন-সম্পত্তি আছে কাৰণে সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে। info
التفاسير:

external-link copy
8 : 96

اِنَّ اِلٰی رَبِّكَ الرُّجْعٰی ۟ؕ

হে মানৱ, নিশ্চয় ক্বিয়ামতৰ দিনা তোমাৰ প্ৰতিপালকৰ ফালে ওভতিব লাগিব। যত তেওঁ প্ৰত্যেক ব্যক্তিকেই তাৰ প্ৰতিদান দিব, যাৰ সি অধিকাৰী। info
التفاسير:

external-link copy
9 : 96

اَرَءَیْتَ الَّذِیْ یَنْهٰی ۟ۙ

আপুনি আবু জাহালৰ ঘটনাৰ পৰা কিবা আশ্চৰ্যজনক দেখিছে নেকি, যিয়ে বাধা দিয়ে। info
التفاسير:

external-link copy
10 : 96

عَبْدًا اِذَا صَلّٰی ۟ؕ

আমাৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়া তেওঁ কাবাৰ ওচৰত ছালাত আদায় কৰে। info
التفاسير:

external-link copy
11 : 96

اَرَءَیْتَ اِنْ كَانَ عَلَی الْهُدٰۤی ۟ۙ

চোৱাচোন! যি ব্যক্তিক প্ৰতিৰোধ কৰা হৈ আছে, তেওঁ যদি নিজ প্ৰতিপালকৰ হিদায়তৰ ওপৰত থাকে (তেন্তে তোমালোকে কৰা বিৰোধিতাৰ কি লাভ? info
التفاسير:

external-link copy
12 : 96

اَوْ اَمَرَ بِالتَّقْوٰی ۟ؕ

অথবা মানুহক আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁ নিষেধ কৰা বস্তুসমূহৰ পৰা বিৰত ৰাখি, কেৱল তেওঁকেই ভয় কৰাৰ আদেশ দিয়ে, এনেকুৱা ব্যক্তিক প্ৰতিৰোধ কৰা উচিত নে? info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• رضا الله هو المقصد الأسمى.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্মৰণক সমুন্নত কৰি তেওঁক সন্মানিত কৰিছে। info

• أهمية القراءة والكتابة في الإسلام.
আল্লাহ তাআলাৰ সন্তুষ্টিয়েই সৱাতোকৈ উৎকৃষ্ট উদ্দেশ্য। info

• خطر الغنى إذا جرّ إلى الكبر والبُعد عن الحق.
ইছলামত লিখা- পঢ়াৰ গুৰুত্ব। info

• النهي عن المعروف صفة من صفات الكفر.
ধন- সম্পদৰ ভয়, যেতিয়া ই অহংকাৰৰ পিনে আৰু সত্যৰ পৰা আঁতৰাই লৈ যায়। info

• إكرام الله تعالى نبيه صلى الله عليه وسلم بأن رفع له ذكره.
সৎকৰ্মৰ পৰা বাধা প্ৰদান কৰাটো কুফুৰীৰ এটা অন্যতম বৈশিষ্ট্য। info