قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
85 : 9

وَلَا تُعْجِبْكَ اَمْوَالُهُمْ وَاَوْلَادُهُمْ ؕ— اِنَّمَا یُرِیْدُ اللّٰهُ اَنْ یُّعَذِّبَهُمْ بِهَا فِی الدُّنْیَا وَتَزْهَقَ اَنْفُسُهُمْ وَهُمْ كٰفِرُوْنَ ۟

হে ৰাছুল! এই মুনাফিকসকলৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিয়ে যেন আপোনাক আকৰ্ষিত নকৰে। আল্লাহে ইয়াৰ জৰিয়তে সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি বিহিব বিচাৰে, বিভিন্ন বিপদ-আপদ আৰু কঠিন সন্ধিক্ষণৰ দ্বাৰা। লগতে কুফুৰী অৱস্থাত সিহঁতৰ প্ৰাণ হৰণ কৰা হ'ব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• الكافر لا ينفعه الاستغفار ولا العمل ما دام كافرًا.
কাফিৰ যেতিয়ালৈকে কাফিৰ অৱস্থাত থাকিব তেতিয়ালৈকে সিহঁতৰ ক্ষমা প্ৰাৰ্থনা আৰু কোনো নেক আমল কামত নাহিব। info

• الآيات تدل على قصر نظر الإنسان، فهو ينظر غالبًا إلى الحال والواقع الذي هو فيه، ولا ينظر إلى المستقبل وما يتَمَخَّض عنه من أحداث.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, মানুহৰ দৃষ্টি সীমিত। সাধাৰণতে সিহঁতে বৰ্তমান আৰু দৃষ্টিৰ সন্মুখত থকা বস্তুকেই আয়ত্ত্ব কৰিব পাৰে। ভৱিষ্যত আৰু তাৰ অন্তৰালত কি আছে সেই বিষয়ে একোৱে নাজানে। info

• التهاون بالطاعة إذا حضر وقتها سبب لعقوبة الله وتثبيطه للعبد عن فعلها وفضلها.
উপযুক্ত সময়ত ইবাদত কৰাত অৱহেলা কৰাটো আল্লাহৰ শাস্তিৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ, লগতে বান্দা সেই ইবাদতৰ তাওফীক আৰু ফজিলতৰ পৰা বঞ্চিত হোৱাৰ কাৰণ। info

• في الآيات دليل على مشروعية الصلاة على المؤمنين، وزيارة قبورهم والدعاء لهم بعد موتهم، كما كان النبي صلى الله عليه وسلم يفعل ذلك في المؤمنين.
উক্ত আয়াতবোৰে এই কথাও প্ৰমাণ কৰে যে, মুমিনসকলৰ জানাযাৰ ছালাত আদায় কৰা চৰীয়ত সন্মত আৰু তেওঁলোকৰ কবৰ জিয়াৰত কৰা লগতে তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ বাবে দুআ কৰাটোও চৰীয়তি বিধান। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিনসকলৰ ক্ষেত্ৰত কৰিছিল। info