قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
69 : 9

كَالَّذِیْنَ مِنْ قَبْلِكُمْ كَانُوْۤا اَشَدَّ مِنْكُمْ قُوَّةً وَّاَكْثَرَ اَمْوَالًا وَّاَوْلَادًا ؕ— فَاسْتَمْتَعُوْا بِخَلَاقِهِمْ فَاسْتَمْتَعْتُمْ بِخَلَاقِكُمْ كَمَا اسْتَمْتَعَ الَّذِیْنَ مِنْ قَبْلِكُمْ بِخَلَاقِهِمْ وَخُضْتُمْ كَالَّذِیْ خَاضُوْا ؕ— اُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ— وَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟

হে মুনাফিকসকল! কুফৰ আৰু উপহাসৰ ক্ষেত্ৰত তোমালোক সেইসকল মিছলীয়া সম্প্ৰদায়ৰ দৰে যিসকল তোমালোকৰ পূৰ্বে অতিবাহিত হৈছে। সিহঁত শক্তি সামৰ্থত তোমালোকতকৈও শক্তিশালী আছিল, লগতে ধন-সম্পদ আৰু সন্তান-সন্ততিও তোমালোকতকৈ বেছি আছিল। এতেকে সিহঁতে পাৰ্থিৱ জীৱনৰ সুখ-সুবিধাৰ যি অংশ পাবলগীয়া আছিল সেয়া সিহঁতে উপভোগ কৰিছে। হে মুনাফিকসকল! সেইদৰে তোমালোকেও নিজৰ নিৰ্ধাৰিত অংশৰ সুখ সুবিধা উপভোগ কৰিছা। তোমালোকেও সিহঁতৰ দৰেই সত্যক প্ৰত্যাখ্যান কৰিছা আৰু ৰাছুলৰ প্ৰতি অপবাদ দিছা, যিদৰে সিহঁতে সত্য প্ৰত্যাখ্যান কৰিছিল আৰু সিহঁতৰ ৰাছুলসকলক অপবাদ দিছিল। এইবোৰ বেয়া বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰেই আমলসমূহ অথলে গৈছে, কাৰণ সিহঁত আল্লাহৰ লগত কুফৰী কৰিছে। ইহঁতেই প্ৰকৃত ক্ষতিগ্ৰস্ত, যিসকলে নিজক ধ্বংসাত্মক দিশত আগুৱাই লৈ গৈ ধ্বংসপ্ৰাপ্ত হৈছে। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• سبب العذاب للكفار والمنافقين واحد في كل العصور، وهو إيثار الدّنيا على الآخرة والاستمتاع بها، وتكذيب الأنبياء والمكر والخديعة والغدر بهم.
যুগে যুগে কাফিৰ আৰু মুনাফিকসকলৰ ওপৰত শাস্তি অৱতীৰ্ণ হোৱাৰ মূল কাৰণটো হৈছে, আখিৰাতৰ ওপৰত পাৰ্থিৱ জীৱনক প্ৰাধান্য দিয়া, আৰু ইয়াৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা। লগতে নবীসকলক অস্বীকাৰ কৰা আৰু তেওঁলোকৰ লগত ঠগবাজি, চক্ৰান্ত আৰু প্ৰৱঞ্চনা কৰা। info

• إهلاك الأمم والأقوام الغابرة بسبب كفرهم وتكذيبهم الأنبياء فيه عظة وعبرة للمعتبر من العقلاء.
কুফৰ আৰু নবীসকলক অস্বীকাৰ কৰাৰ কাৰণে পূৰ্বৱৰ্তী জাতিবোৰক ধ্বংস কৰা ঘটনাত জ্ঞান-বুদ্ধি থকা বিবেকৱানসকলৰ বাবে পাঠ বা শিক্ষা আছে। info

• أهل الإيمان رجالًا ونساء أمة واحدة مترابطة متعاونة متناصرة، قلوبهم متحدة في التوادّ والتحابّ والتعاطف.
ঈমানৰ অধিকাৰী পুৰুষ-নাৰী সকলোৱে একেই উম্মতৰ অন্তৰ্ভুক্ত। তেওঁলোক পৰস্পৰে পৰস্পৰৰ লগত সম্পৃক্ত, ইজনে সিজনক সহায় কৰে, সহায়-সহানুভূতি আৰু ভালপোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অন্তৰ এক। info

• رضا رب الأرض والسماوات أكبر من نعيم الجنات؛ لأن السعادة الروحانية أفضل من الجسمانية.
আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালকৰ সন্তুষ্টি লাভ কৰাটো জান্নাতৰ নিয়ামত লাভ কৰাতকৈও অধিক ডাঙৰ বিষয়। কিয়নো আধ্যাত্মিক আনন্দ, শাৰীৰিক আনন্দতকৈ অধিক উৎকৃষ্ট। info