قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
14 : 9

قَاتِلُوْهُمْ یُعَذِّبْهُمُ اللّٰهُ بِاَیْدِیْكُمْ وَیُخْزِهِمْ وَیَنْصُرْكُمْ عَلَیْهِمْ وَیَشْفِ صُدُوْرَ قَوْمٍ مُّؤْمِنِیْنَ ۟ۙ

হে মুমিনসকল! এইসকল মুশ্বৰিকৰ লগত যুদ্ধ কৰা। যদি তোমালোকে ইহঁতৰ লগত যুদ্ধ কৰা তেন্তে আল্লাহে তোমালোকৰ দ্বাৰা ইহঁতক শাস্তি প্ৰদান কৰিব, লগত ইহঁতক পৰাজিত কৰি আৰু কয়েদী সজাই লাঞ্ছিত কৰিব। ইহঁতৰ ওপৰত প্ৰভূত্ব প্ৰদান কৰি তোমালোকক সহায় কৰিব, লগতে সেইসকল মুমিনসকলৰ অন্তৰৰ ব্যাধি দূৰ কৰি দিব যিসকলে যুদ্ধত অংশ গ্ৰহণ কৰা নাই। এইটো সেই সময়ত হব যেতিয়া তেওঁলোকে দেখিব যে, মুছলমানৰ শত্ৰুসকলে পৰাজয় বৰণ কৰিছে, নিহত হৈছে আৰু কয়েদী হৈ আহিছে, আনহাতে মুছলিমসকল সিহঁতৰ ওপৰত বিজয় প্ৰাপ্ত হৈছে। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• في الآيات دلالة على محبة الله لعباده المؤمنين واعتنائه بأحوالهم، حتى إنه جعل من جملة المقاصد الشرعية شفاء ما في صدورهم وذهاب غيظهم.
এই আয়াতসমূহত এই কথাৰ প্ৰমাণ পোৱা যায় যে, আল্লাহে তেওঁৰ মুমিন বান্দাসকলক ভালপায় আৰু তেওঁলোকৰ প্ৰতি মনোযোগ দিয়ে। সেই কাৰণেই তেওঁ চৰীয়তৰ বিশিষ্ট উদ্দেশ্যসমূহৰ মাজত মুমিনসকলৰ আন্তৰিক ব্যাধি আৰু ক্ৰোধ দূৰ কৰাৰ কথা অন্তৰ্ভুক্ত কৰিছে। info

• شرع الله الجهاد ليحصل به هذا المقصود الأعظم، وهو أن يتميز الصادقون الذين لا يتحيزون إلا لدين الله من الكاذبين الذين يزعمون الإيمان.
আল্লাহে জিহাদৰ আদেশ এই গুৰুত্বপূৰ্ণ উদ্দেশ্য পূৰণ কৰাৰ বাবে দিছে যে, যাতে ইছলামৰ সহায়কাৰী সত্যবাদী ঈমান্দাৰসকল, আৰু ঈমানৰ মিছা দাবীদাৰসকলৰ মাজত পাৰ্থক্য কৰিব পৰা যায়। info

• عُمَّار المساجد الحقيقيون هم من وُصِفوا بالإيمان الصادق، وبالقيام بالأعمال الصالحة التي أُمُّها الصلاة والزكاة، وبخشية الله التي هي أصل كل خير.
দৰাচলতে মছজিদসমূহ সেইসকল লোকেই আবাদ কৰিব পাৰে, যিসকলে আন্তৰিকতাৰে সঁচা ঈমান পোষণ কৰিছে, নেক আমল কৰে, ইয়াৰ উচ্চ শৃঙ্গত ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা। লগতে অন্তৰত আল্লাহৰ ভয় পোষণ কৰে, আৰু এইটো প্ৰত্যেক নেক আমলৰ মূল। info

• الجهاد والإيمان بالله أفضل من سقاية الحاج وعمارة المسجد الحرام بدرجات كثيرة؛ لأن الإيمان أصل الدين، وأما الجهاد في سبيل الله فهو ذروة سنام الدين.
জিহাদ আৰু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাটো হৈছে, হাজীসকলক পানী পান কৰোৱা তথা মছজিদৰ চোৱাচিতা কৰাতকৈ বহু গুণে গুৰুত্বপূৰ্ণ। কাৰণ ঈমান হৈছে দ্বীনৰ মূল, আনহাতে জিহাদ হৈছে ইছলামৰ উচ্চ শৃঙ্গ। info