قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
76 : 3

بَلٰی مَنْ اَوْفٰی بِعَهْدِهٖ وَاتَّقٰی فَاِنَّ اللّٰهَ یُحِبُّ الْمُتَّقِیْنَ ۟

বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে দাবী কৰে, বৰং সিহঁতৰ গুনাহ হ'ব। এতেকে যিয়ে আল্লাহৰ প্ৰতিশ্ৰুতি পালন কৰি আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰে, তথা মানুহৰ প্ৰতিশ্ৰুতি পূৰণ কৰি সিহঁতৰ আমানত আদায় কৰে, লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহে মুত্তাক্বীসকলক ভালপায়। আৰু তেওঁ তেওঁলোকক ইয়াৰ উত্তম প্ৰতিদান দিব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• من علماء أهل الكتاب من يخدع أتباع ملتهم، ولا يبين لهم الحق الذي دلت عليه كتبهم، وجاءت به رسلهم.
আহলে কিতাবৰ কিছুমান ধৰ্মগুৰুৱে সিহঁতৰ অনুসাৰীসকলক প্ৰবঞ্চনা কৰে। সিহঁতৰ পুথিত থকা সত্য আৰু সিহঁতৰ ৰাছুলে লৈ অহা সত্যক প্ৰকাশ নকৰে। info

• من وسائل الكفار الدخول في الدين والتشكيك فيه من الداخل.
কাফিৰসকলে ইছলামক ক্ষতি কৰাৰ এটা পদ্ধতি হল, ইছলামত প্ৰৱেশ কৰি ভিতৰৰ পৰা সন্দেহ সৃষ্টি কৰা। info

• الله تعالى هو الوهاب المتفضل، يعطي من يشاء بفضله، ويمنع من يشاء بعدله وحكمته، ولا ينال فضله إلا بطاعته.
আল্লাহেই দাতা আৰু তেওঁ মহাদানশীল। তেওঁ নিজ কৃপাৰে যাক ইচ্ছা কৰে প্ৰদান কৰে আৰু ন্যায় আৰু হিকমতৰ জৰীয়তে যাক ইচ্ছা কৰে বঞ্চিত কৰে। এতেকে তেওঁৰ অনুগ্ৰহ তেওঁৰ আনুগত্য নকৰাকৈ পোৱা টান। info

• كل عِوَضٍ في الدنيا عن الإيمان بالله والوفاء بعهده - وإن كان عظيمًا - فهو قليل حقير أمام ثواب الآخرة ومنازلها.
আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিনিময়ত পৃথিৱীৰ যিকোনো মূল্য প্ৰাপ্ত হওঁক সেয়া যিমানেই ডাঙৰ নহওঁক কিয়, আখিৰাতৰ প্ৰতিদান আৰু মৰ্যদাৰ তুলনাত একো নহয়। info