ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ඇසෑමි පරිවර්තනය - රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන්

আল-মুল্ক

external-link copy
1 : 67

تَبٰرَكَ الَّذِیْ بِیَدِهِ الْمُلْكُ ؗ— وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرُ ۟ۙ

বৰকতময় সেই সত্ত্বা, যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। info
التفاسير:

external-link copy
2 : 67

١لَّذِیْ خَلَقَ الْمَوْتَ وَالْحَیٰوةَ لِیَبْلُوَكُمْ اَیُّكُمْ اَحْسَنُ عَمَلًا ؕ— وَهُوَ الْعَزِیْزُ الْغَفُوْرُ ۟ۙ

যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোন আটাইতকৈ উত্তম আমলকাৰী? তেওঁ পৰাক্ৰমশালী, অতি ক্ষমাশীল। info
التفاسير:

external-link copy
3 : 67

الَّذِیْ خَلَقَ سَبْعَ سَمٰوٰتٍ طِبَاقًا ؕ— مَا تَرٰی فِیْ خَلْقِ الرَّحْمٰنِ مِنْ تَفٰوُتٍ ؕ— فَارْجِعِ الْبَصَرَ ۙ— هَلْ تَرٰی مِنْ فُطُوْرٍ ۟

যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘূৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে? info
التفاسير:

external-link copy
4 : 67

ثُمَّ ارْجِعِ الْبَصَرَ كَرَّتَیْنِ یَنْقَلِبْ اِلَیْكَ الْبَصَرُ خَاسِئًا وَّهُوَ حَسِیْرٌ ۟

তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালেই উভতি আহিব। info
التفاسير:

external-link copy
5 : 67

وَلَقَدْ زَیَّنَّا السَّمَآءَ الدُّنْیَا بِمَصَابِیْحَ وَجَعَلْنٰهَا رُجُوْمًا لِّلشَّیٰطِیْنِ وَاَعْتَدْنَا لَهُمْ عَذَابَ السَّعِیْرِ ۟

নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছোঁ আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছোঁ আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছোঁ জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি। info
التفاسير:

external-link copy
6 : 67

وَلِلَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ عَذَابُ جَهَنَّمَ ؕ— وَبِئْسَ الْمَصِیْرُ ۟

আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি; আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল। info
التفاسير:

external-link copy
7 : 67

اِذَاۤ اُلْقُوْا فِیْهَا سَمِعُوْا لَهَا شَهِیْقًا وَّهِیَ تَفُوْرُ ۟ۙ

যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব, আৰু ই উথলি উঠিব। info
التفاسير:

external-link copy
8 : 67

تَكَادُ تَمَیَّزُ مِنَ الْغَیْظِ ؕ— كُلَّمَاۤ اُلْقِیَ فِیْهَا فَوْجٌ سَاَلَهُمْ خَزَنَتُهَاۤ اَلَمْ یَاْتِكُمْ نَذِیْرٌ ۟

ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰলৈ কোনো সতৰ্ককাৰী অহা নাছিলনে’? info
التفاسير:

external-link copy
9 : 67

قَالُوْا بَلٰی قَدْ جَآءَنَا نَذِیْرٌ ۙ۬— فَكَذَّبْنَا وَقُلْنَا مَا نَزَّلَ اللّٰهُ مِنْ شَیْءٍ ۖۚ— اِنْ اَنْتُمْ اِلَّا فِیْ ضَلٰلٍ كَبِیْرٍ ۟

সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰলৈ সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলোঁ আৰু কৈছিলোঁ, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’। info
التفاسير:

external-link copy
10 : 67

وَقَالُوْا لَوْ كُنَّا نَسْمَعُ اَوْ نَعْقِلُ مَا كُنَّا فِیْۤ اَصْحٰبِ السَّعِیْرِ ۟

আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোঁহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোঁহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোঁহেঁতেন’। info
التفاسير:

external-link copy
11 : 67

فَاعْتَرَفُوْا بِذَنْۢبِهِمْ ۚ— فَسُحْقًا لِّاَصْحٰبِ السَّعِیْرِ ۟

ফলত সিহঁতে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিব। এতেকে (আল্লাহৰ ৰহমতৰ পৰা) জাহান্নামীসকল দূৰ হওক (সিহঁতৰ ধ্বংস অনিবাৰ্য)। info
التفاسير:

external-link copy
12 : 67

اِنَّ الَّذِیْنَ یَخْشَوْنَ رَبَّهُمْ بِالْغَیْبِ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ كَبِیْرٌ ۟

নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান। info
التفاسير: