ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ඇසෑමි පරිවර්තනය - රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන්

external-link copy
28 : 57

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَاٰمِنُوْا بِرَسُوْلِهٖ یُؤْتِكُمْ كِفْلَیْنِ مِنْ رَّحْمَتِهٖ وَیَجْعَلْ لَّكُمْ نُوْرًا تَمْشُوْنَ بِهٖ وَیَغْفِرْ لَكُمْ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟ۙ

হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। তেওঁ নিজ অনুগ্ৰহত তোমালোকক দ্বিগুণ পুৰস্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকক প্ৰদান কৰিব নূৰ, যাৰ সহায়ত তোমালোকে চলিব পাৰিবা আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু। info
التفاسير: