ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ඇසෑමි පරිවර්තනය - රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන්

আদ-দুখান

external-link copy
1 : 44

حٰمٓ ۟ۚۛ

হা-মীম।[1] info

[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

التفاسير:

external-link copy
2 : 44

وَالْكِتٰبِ الْمُبِیْنِ ۟ۙۛ

শপত সুস্পষ্ট কিতাবৰ! info
التفاسير:

external-link copy
3 : 44

اِنَّاۤ اَنْزَلْنٰهُ فِیْ لَیْلَةٍ مُّبٰرَكَةٍ اِنَّا كُنَّا مُنْذِرِیْنَ ۟

নিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী। info
التفاسير:

external-link copy
4 : 44

فِیْهَا یُفْرَقُ كُلُّ اَمْرٍ حَكِیْمٍ ۟ۙ

সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়, info
التفاسير:

external-link copy
5 : 44

اَمْرًا مِّنْ عِنْدِنَا ؕ— اِنَّا كُنَّا مُرْسِلِیْنَ ۟ۚ

আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণ কৰোঁ। info
التفاسير:

external-link copy
6 : 44

رَحْمَةً مِّنْ رَّبِّكَ ؕ— اِنَّهٗ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟ۙ

তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ, info
التفاسير:

external-link copy
7 : 44

رَبِّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ۘ— اِنْ كُنْتُمْ مُّوْقِنِیْنَ ۟

তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা। info
التفاسير:

external-link copy
8 : 44

لَاۤ اِلٰهَ اِلَّا هُوَ یُحْیٖ وَیُمِیْتُ ؕ— رَبُّكُمْ وَرَبُّ اٰبَآىِٕكُمُ الْاَوَّلِیْنَ ۟

তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক। info
التفاسير:

external-link copy
9 : 44

بَلْ هُمْ فِیْ شَكٍّ یَّلْعَبُوْنَ ۟

বৰং সিহঁতে সন্দেহৰ বশৱৰ্তী হৈ খেল-ধেমালি কৰি আছে। info
التفاسير:

external-link copy
10 : 44

فَارْتَقِبْ یَوْمَ تَاْتِی السَّمَآءُ بِدُخَانٍ مُّبِیْنٍ ۟ۙ

এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ, info
التفاسير:

external-link copy
11 : 44

یَّغْشَی النَّاسَ ؕ— هٰذَا عَذَابٌ اَلِیْمٌ ۟

সেই ধোঁৱাই মানুহকো আবৃত কৰি পেলাব।এইটো হ’ব যন্ত্ৰণাদায়ক শাস্তি। info
التفاسير:

external-link copy
12 : 44

رَبَّنَا اكْشِفْ عَنَّا الْعَذَابَ اِنَّا مُؤْمِنُوْنَ ۟

(তেতিয়া সিহঁতে ক’ব) ‘হে আমাৰ প্ৰতিপালক! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’। info
التفاسير:

external-link copy
13 : 44

اَنّٰی لَهُمُ الذِّكْرٰی وَقَدْ جَآءَهُمْ رَسُوْلٌ مُّبِیْنٌ ۟ۙ

ক’ত সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰলৈ এজন স্পষ্ট ৰাছুল আহিছিল; info
التفاسير:

external-link copy
14 : 44

ثُمَّ تَوَلَّوْا عَنْهُ وَقَالُوْا مُعَلَّمٌ مَّجْنُوْنٌ ۟ۘ

তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন প্ৰশিক্ষণপ্ৰাপ্ত উন্মাদ’। info
التفاسير:

external-link copy
15 : 44

اِنَّا كَاشِفُوا الْعَذَابِ قَلِیْلًا اِنَّكُمْ عَآىِٕدُوْنَ ۟ۘ

আমি অলপ সময়ৰ কাৰণে যদি শাস্তি ৰহিত কৰি দিওঁ তেন্তে নিশ্চয় তোমালোকে তোমালোকৰ পূৰ্বাৱস্থালৈ উভতি যাবা। info
التفاسير:

external-link copy
16 : 44

یَوْمَ نَبْطِشُ الْبَطْشَةَ الْكُبْرٰی ۚ— اِنَّا مُنْتَقِمُوْنَ ۟

যিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা আমি নিশ্চয় প্ৰতিশোধ লম। info
التفاسير:

external-link copy
17 : 44

وَلَقَدْ فَتَنَّا قَبْلَهُمْ قَوْمَ فِرْعَوْنَ وَجَآءَهُمْ رَسُوْلٌ كَرِیْمٌ ۟ۙ

আৰু ইহঁতৰ আগতেও আমি ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলোঁ আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল, info
التفاسير:

external-link copy
18 : 44

اَنْ اَدُّوْۤا اِلَیَّ عِبَادَ اللّٰهِ ؕ— اِنِّیْ لَكُمْ رَسُوْلٌ اَمِیْنٌ ۟ۙ

(তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক (বনী ইছৰাঈলক) মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। info
التفاسير: