ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ඇසෑමි පරිවර්තනය - රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන්

external-link copy
171 : 4

یٰۤاَهْلَ الْكِتٰبِ لَا تَغْلُوْا فِیْ دِیْنِكُمْ وَلَا تَقُوْلُوْا عَلَی اللّٰهِ اِلَّا الْحَقَّ ؕ— اِنَّمَا الْمَسِیْحُ عِیْسَی ابْنُ مَرْیَمَ رَسُوْلُ اللّٰهِ وَكَلِمَتُهٗ ۚ— اَلْقٰىهَاۤ اِلٰی مَرْیَمَ وَرُوْحٌ مِّنْهُ ؗ— فَاٰمِنُوْا بِاللّٰهِ وَرُسُلِهٖ ۫— وَلَا تَقُوْلُوْا ثَلٰثَةٌ ؕ— اِنْتَهُوْا خَیْرًا لَّكُمْ ؕ— اِنَّمَا اللّٰهُ اِلٰهٌ وَّاحِدٌ ؕ— سُبْحٰنَهٗۤ اَنْ یَّكُوْنَ لَهٗ وَلَدٌ ۘ— لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟۠

হে আহলে কিতাব! তোমালোকে নিজৰ ধৰ্মত গুলু (সীমালংঘন) নকৰিবা আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নক’বা। মাৰয়ামৰ পুত্ৰ ঈছা মছীহ কেৱল এজন আল্লাহৰ ৰাছুল আৰু তেওঁৰ বাণীহে, যিটো তেওঁ মাৰয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰা আৰু (আল্লাহক) তিনি বুলি নক’বা, (এনে উক্তি) পৰিত্যাগ কৰা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহেই হৈছে একমাত্ৰ ইলাহ, তেওঁৰ সন্তান হ’ব—তেওঁ এনে কথাৰ পৰা পৱিত্ৰ-মহান। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু কৰ্ম-বিধায়কৰূপে আল্লাহেই যথেষ্ট। info
التفاسير: