Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Assamese - Rafiiqul Islami Habiibu Rahman.

আত-তাকৱীৰ

external-link copy
1 : 81

اِذَا الشَّمْسُ كُوِّرَتْ ۟

সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব, info
التفاسير:

external-link copy
2 : 81

وَاِذَا النُّجُوْمُ انْكَدَرَتْ ۟

আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব, info
التفاسير:

external-link copy
3 : 81

وَاِذَا الْجِبَالُ سُیِّرَتْ ۟

পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব, info
التفاسير:

external-link copy
4 : 81

وَاِذَا الْعِشَارُ عُطِّلَتْ ۟

আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব, info
التفاسير:

external-link copy
5 : 81

وَاِذَا الْوُحُوْشُ حُشِرَتْ ۟

আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব, info
التفاسير:

external-link copy
6 : 81

وَاِذَا الْبِحَارُ سُجِّرَتْ ۟

আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব, info
التفاسير:

external-link copy
7 : 81

وَاِذَا النُّفُوْسُ زُوِّجَتْ ۟

আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব, info
التفاسير:

external-link copy
8 : 81

وَاِذَا الْمَوْءٗدَةُ سُىِٕلَتْ ۟

আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব, info
التفاسير:

external-link copy
9 : 81

بِاَیِّ ذَنْۢبٍ قُتِلَتْ ۟ۚ

কি অপৰাধত তাইক হত্যা কৰা হৈছিল? info
التفاسير:

external-link copy
10 : 81

وَاِذَا الصُّحُفُ نُشِرَتْ ۟

আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব, info
التفاسير:

external-link copy
11 : 81

وَاِذَا السَّمَآءُ كُشِطَتْ ۟

আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব, info
التفاسير:

external-link copy
12 : 81

وَاِذَا الْجَحِیْمُ سُعِّرَتْ ۟

আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব, info
التفاسير:

external-link copy
13 : 81

وَاِذَا الْجَنَّةُ اُزْلِفَتْ ۟

আৰু জান্নাতক যেতিয়া নিকটৱৰ্তী কৰা হ’ব, info
التفاسير:

external-link copy
14 : 81

عَلِمَتْ نَفْسٌ مَّاۤ اَحْضَرَتْ ۟ؕ

তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে। info
التفاسير:

external-link copy
15 : 81

فَلَاۤ اُقْسِمُ بِالْخُنَّسِ ۟ۙ

এতেকে মই শপত কৰিছোঁ আৱৰ্তনশীল নক্ষত্ৰবোৰৰ, info
التفاسير:

external-link copy
16 : 81

الْجَوَارِ الْكُنَّسِ ۟ۙ

যিবোৰ গতিশীল, অদৃশ্য, info
التفاسير:

external-link copy
17 : 81

وَالَّیْلِ اِذَا عَسْعَسَ ۟ۙ

আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়, info
التفاسير:

external-link copy
18 : 81

وَالصُّبْحِ اِذَا تَنَفَّسَ ۟ۙ

আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়, info
التفاسير:

external-link copy
19 : 81

اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۙ

নিশ্চয় এই কোৰআনখন হৈছে সন্মানিত ৰাছুলে লৈ অহা বাণী। info
التفاسير:

external-link copy
20 : 81

ذِیْ قُوَّةٍ عِنْدَ ذِی الْعَرْشِ مَكِیْنٍ ۟ۙ

যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন, info
التفاسير:

external-link copy
21 : 81

مُّطَاعٍ ثَمَّ اَمِیْنٍ ۟ؕ

মান্যবৰ, তাত তেওঁ বিশ্বস্ত। info
التفاسير:

external-link copy
22 : 81

وَمَا صَاحِبُكُمْ بِمَجْنُوْنٍ ۟ۚ

আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়, info
التفاسير:

external-link copy
23 : 81

وَلَقَدْ رَاٰهُ بِالْاُفُقِ الْمُبِیْنِ ۟ۚ

আৰু নিশ্চয় তেখেতে (নবীয়ে) তেখেতক (জিব্ৰীলক) স্পষ্ট দিগন্তত দেখিছে, info
التفاسير:

external-link copy
24 : 81

وَمَا هُوَ عَلَی الْغَیْبِ بِضَنِیْنٍ ۟ۚ

আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে। info
التفاسير:

external-link copy
25 : 81

وَمَا هُوَ بِقَوْلِ شَیْطٰنٍ رَّجِیْمٍ ۟ۙ

আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়। info
التفاسير:

external-link copy
26 : 81

فَاَیْنَ تَذْهَبُوْنَ ۟ؕ

এতেকে তোমালোকে কোনফালে গতি কৰিছা? info
التفاسير:

external-link copy
27 : 81

اِنْ هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟ۙ

এইখন হৈছে বিশ্ববাসীৰ বাবে উপদেশ বাণী, info
التفاسير:

external-link copy
28 : 81

لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّسْتَقِیْمَ ۟ؕ

সেই ব্যক্তিৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে। info
التفاسير:

external-link copy
29 : 81

وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟۠

তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে। info
التفاسير: