Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Assamese - Rafiiqul Islami Habiibu Rahman.

ইউছুফ

external-link copy
1 : 12

الٓرٰ ۫— تِلْكَ اٰیٰتُ الْكِتٰبِ الْمُبِیْنِ ۟۫

আলিফ-লাম-ৰা।[1] এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত। info

[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

التفاسير:

external-link copy
2 : 12

اِنَّاۤ اَنْزَلْنٰهُ قُرْءٰنًا عَرَبِیًّا لَّعَلَّكُمْ تَعْقِلُوْنَ ۟

নিশ্চয় আমি ইয়াক কোৰআন হিচাপে অৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা। info
التفاسير:

external-link copy
3 : 12

نَحْنُ نَقُصُّ عَلَیْكَ اَحْسَنَ الْقَصَصِ بِمَاۤ اَوْحَیْنَاۤ اِلَیْكَ هٰذَا الْقُرْاٰنَ ۖۗ— وَاِنْ كُنْتَ مِنْ قَبْلِهٖ لَمِنَ الْغٰفِلِیْنَ ۟

আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছোঁ, অহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি; যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিতসকলৰ অন্তৰ্ভুক্ত। info
التفاسير:

external-link copy
4 : 12

اِذْ قَالَ یُوْسُفُ لِاَبِیْهِ یٰۤاَبَتِ اِنِّیْ رَاَیْتُ اَحَدَ عَشَرَ كَوْكَبًا وَّالشَّمْسَ وَالْقَمَرَ رَاَیْتُهُمْ لِیْ سٰجِدِیْنَ ۟

স্মৰণ কৰা, যেতিয়া ইউছুফে তেওঁৰ পিতাক কৈছিল, ‘হে মোৰ পিতা! মই (সপোনত) এঘাৰটা নক্ষত্ৰ, সূৰ্য আৰু চন্দ্ৰক দেখিছোঁ, সেইবোৰক মোৰ প্ৰতি ছাজদাৱনত অৱস্থাত দেখিছোঁ’। info
التفاسير: