Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
65 : 8

یٰۤاَیُّهَا النَّبِیُّ حَرِّضِ الْمُؤْمِنِیْنَ عَلَی الْقِتَالِ ؕ— اِنْ یَّكُنْ مِّنْكُمْ عِشْرُوْنَ صٰبِرُوْنَ یَغْلِبُوْا مِائَتَیْنِ ۚ— وَاِنْ یَّكُنْ مِّنْكُمْ مِّائَةٌ یَّغْلِبُوْۤا اَلْفًا مِّنَ الَّذِیْنَ كَفَرُوْا بِاَنَّهُمْ قَوْمٌ لَّا یَفْقَهُوْنَ ۟

হে নবী! মুমিনসকলক যুদ্ধৰ বাবে প্ৰেৰণা দিয়ক, তেওঁলোকৰ সংকল্প মজবুত কৰক, আৰু তেওঁলোকক উৎসাহ দিয়ক। হে মুমিনসকল! তোমালোকৰ বিশ জনে ধৈৰ্য সহকাৰে যুদ্ধ কৰিলে কাফিৰসকলৰ দু শ জনক পৰাজিত কৰিব পাৰিব। আনহাতে তোমালোকৰ এ শ জনে ধৈৰ্য সহকাৰে যুদ্ধ কৰিলে, কাফিৰসকলৰ এহেজাৰ জনক পৰাজিত কৰিবলৈ সক্ষম হ'ব। কাৰণ কাফিৰসকলে নাজানে যে, আল্লাহে তেওঁৰ বন্ধুসকলক সহায় কৰে আৰু শত্ৰুক নিৰ্মূল কৰি দিয়ে। সিহঁত যুদ্ধৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কেও অৱগত নহয়। সেই কাৰণেই সিহঁতে পৃথিৱীত মৰ্যদা পোৱাৰ কাৰণে যুদ্ধ কৰে। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• في الآيات وَعْدٌ من الله لعباده المؤمنين بالكفاية والنصرة على الأعداء.
উক্ত আয়াতসমূহত আল্লাহে মুমিন বান্দাসকলৰ লগত প্ৰতিশ্ৰুতি কৰিছে যে, তেৱেঁই মুমিনসকলৰ বাবে যথেষ্ট, আৰু শত্ৰুসকলৰ বিৰুদ্ধে বিজয় প্ৰদান কৰিব। info

• الثبات أمام العدو فرض على المسلمين لا اختيار لهم فيه، ما لم يحدث ما يُرَخِّص لهم بخلافه.
যুদ্ধৰ ময়দানত শত্ৰুৰ লগত দৃঢ় মুকাবিলা কৰা মুছলিমসকলৰ বাবে অনিবাৰ্য। এই ক্ষেত্ৰত কোনো অৱকাশ দিয়া নহয়। এয়া সুকীয়া কথা যে, যদি কোনো এনেকুৱা পৰিস্থিতি সৃষ্টি হয়, যাৰ ফলত ময়দান ত্যাগ কৰাটো উত্তম। info

• الله يحب لعباده معالي الأمور، ويكره منهم سَفْسَافَها، ولذلك حثهم على طلب ثواب الآخرة الباقي والدائم.
আল্লাহে বান্দাসকলৰ বাবে উত্তম বস্তু পছন্দ কৰে আৰু নিকৃষ্ট বস্তু অপছন্দ কৰে। সেই কাৰণেই তেওঁলোকক আখিৰাতৰ চিৰস্থায়ী প্ৰতিদান প্ৰাৰ্থনা কৰাৰ বাবে উৎসাহিত কৰে। info

• مفاداة الأسرى أو المنّ عليهم بإطلاق سراحهم لا يكون إلا بعد توافر الغلبة والسلطان على الأعداء، وإظهار هيبة الدولة في وجه الآخرين.
কয়েদীসকলৰ পৰা মুক্তিপণ লৈ অথবা সিহঁতৰ প্ৰতি সহানুভূতি দেখুৱাই তেতিয়াহে মুক্তি দিয়া উচিত, যেতিয়া শত্ৰুসকল পৰিপূৰ্ণৰূপে পৰাজিত হ'ব আৰু সিহঁতৰ ওপৰত প্ৰভূত্ব প্ৰতিষ্ঠা হ'ব, লগতে আন আন লোকসকলৰ অন্তৰত ইছলামী ৰাষ্ট্ৰৰ ভয় সোমাই পৰিব। info