Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
14 : 41

اِذْ جَآءَتْهُمُ الرُّسُلُ مِنْ بَیْنِ اَیْدِیْهِمْ وَمِنْ خَلْفِهِمْ اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ— قَالُوْا لَوْ شَآءَ رَبُّنَا لَاَنْزَلَ مَلٰٓىِٕكَةً فَاِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟

যেতিয়া সিহঁতৰ ওচৰলৈ এজনৰ পিছত আন এজন ৰাছুল একেটা আহ্বানকে লৈ আগমন কৰিছিল, তথা তেওঁলোকে সিহঁতক এই আদেশ প্ৰদান কৰিছিল যে, এক আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। তেতিয়া সিহঁতৰ মাজৰ কাফিৰসকলে কৈছিলঃ আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিব পাৰিলেহেঁতেন। গতিকে তোমালোকে যি বাৰ্তা লৈ প্ৰেৰিত হৈছা, আমি সেই বাৰ্তাক মিছা বুলি ভাৱোঁ। কাৰণ তোমালোক হৈছা আমাৰ দৰেই মানৱ। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• الإعراض عن الحق سبب المهالك في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত ধ্বংসৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে সত্যৰ পৰা বিমুখ হোৱা। info

• التكبر والاغترار بالقوة مانعان من الإذعان للحق.
অহংকাৰ আৰু ক্ষমতাৰ অপব্যৱহাৰে মানুহক সত্য স্বীকাৰ কৰাত বাধা প্ৰদান কৰে। info

• الكفار يُجْمَع لهم بين عذاب الدنيا وعذاب الآخرة.
কাফিৰসকলে পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে শাস্তিৰ সন্মুখীন হ’ব। info

• شهادة الجوارح يوم القيامة على أصحابها.
মানৱ শৰীৰৰ অংগ-প্ৰত্যংগই কিয়ামতৰ দিনা সিহঁতৰ বিপক্ষে সাক্ষ্য প্ৰদান কৰিব। info