Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
66 : 3

هٰۤاَنْتُمْ هٰۤؤُلَآءِ حَاجَجْتُمْ فِیْمَا لَكُمْ بِهٖ عِلْمٌ فَلِمَ تُحَآجُّوْنَ فِیْمَا لَیْسَ لَكُمْ بِهٖ عِلْمٌ ؕ— وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟

হে আহলে কিতাব (ইয়াহূদী আৰু খৃষ্টানসকল)! তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত নিজৰ ধৰ্ম আৰু নিজৰ পুথি সম্পৰ্কে বাদ-বিবাদ কৰিছা ঠিকে আছে, এই বিষয়ে তোমালোকৰ জ্ঞান আছে, কিন্তু ইব্ৰাহীম আৰু তেওঁৰ দ্বীন সম্পৰ্কে কিয় বিবাদ কৰা, যি বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাই। কিয়নো তেওঁৰ বিষয়ে তোমালোকৰ পুথিতো একো উল্লেখ নাই আৰু তোমালোকৰ নবীসকলেও একো কোৱা নাই। দৰাচলতে আল্লাহেই সকলো বিষয়ৰ বাস্তাৱতা আৰু অদৃশ্য বিষয় সম্পৰ্কে অৱগত। তোমালোকে এই বিষয়ে একো নাজানা। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• أن الرسالات الإلهية كلها اتفقت على كلمة عدل واحدة، وهي: توحيد الله تعالى والنهي عن الشرك.
সকলো ঐশী ধৰ্মই এটা ন্যায় বাক্যৰ ওপৰত একমত। আৰু সেয়া হৈছেঃ আল্লাহক এক বুলি স্বীকাৰ কৰা (আৰু কেৱল তেওঁৰেই ইবাদত কৰা), আৰু শ্বিৰ্ক বৰ্জন কৰা। info

• أهمية العلم بالتاريخ؛ لأنه قد يكون من الحجج القوية التي تُرَدُّ بها دعوى المبطلين.
ইতিহাসৰ জ্ঞান আহৰণ কৰাৰ মহত্ব। কিয়নো কেতিয়াবা কেতিয়াবা এই জ্ঞানে অসত্যৰ প্ৰচাৰকসকলৰ দাবী খন্ডন কৰাত সহায় কৰে। info

• أحق الناس بإبراهيم عليه السلام من كان على ملته وعقيدته، وأما مجرد دعوى الانتساب إليه مع مخالفته فلا تنفع.
ইব্ৰাহীম আলাইহিছ ছালামৰ লগত সম্পৰ্ক স্থাপন কৰাৰ আটাইতকৈ বেছি অধিকাৰ সেই ব্যক্তিৰ যিয়ে তেওঁৰ দ্বীন আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বিৰুদ্ধাচৰণ কৰি কেৱল তেওঁৰ লগত সম্পৰ্ক স্থাপনৰ দাবী কৰাটো লাভদায়ক নহয়। info

• دَلَّتِ الآيات على حرص كفرة أهل الكتاب على إضلال المؤمنين من هذه الأمة حسدًا من عند أنفسهم.
এই আয়াতসমূহৰ দ্বাৰা এই কথাও প্ৰমাণ হয় যে, আহলে কিতাবৰ কাফিৰসকলে কেৱল ঈৰ্ষাৰ কাৰণে মুমিনসকলক পথভ্ৰষ্ট কৰাৰ কামনা কৰে। info