Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
52 : 24

وَمَنْ یُّطِعِ اللّٰهَ وَرَسُوْلَهٗ وَیَخْشَ اللّٰهَ وَیَتَّقْهِ فَاُولٰٓىِٕكَ هُمُ الْفَآىِٕزُوْنَ ۟

যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিব তথা তেওঁলোকৰ মীমাংসা মানি ল'ব, লগতে গুনাহৰ পৰিণামক ভয় কৰিব, আৰু আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ শাস্তিক ভয় কৰিব, প্ৰকৃততে সেইসকল লোকেই হৈছে পৃথিৱী আৰু আখিৰাতত কল্যাণ লাভকাৰী সফল লোক। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• تنوّع المخلوقات دليل على قدرة الله.
সৃষ্টিসকলৰ ভিন্নতাই আল্লাহৰ ক্ষমতাৰ প্ৰমাণবহন কৰে। info

• من صفات المنافقين الإعراض عن حكم الله إلا إن كان الحكم في صالحهم، ومن صفاتهم مرض القلب والشك، وسوء الظن بالله.
মুনাফিকৰ চিহ্ন হৈছে সিহঁতে আল্লাহৰ আদেশৰ পৰা আঁতৰি ফুৰে। কিন্তু যদি সেই আদেশ সিহঁতৰ সপক্ষে হয় তেন্তে স্বাচ্ছন্দ্যে গ্ৰহণ কৰে। এইদৰে অন্তৰৰ ব্যাধি, সন্দেহ আৰু আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাও সিহঁতৰ বৈশিষ্ট্যৰ অন্তৰ্ভুক্ত। info

• طاعة الله ورسوله والخوف من الله من أسباب الفوز في الدارين.
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য তথা আল্লাহৰ ভয়, এইবোৰ হৈছে পৃথিৱী আৰু আখিৰাতত সফল হোৱাৰ চাবিকাঠি। info

• الحلف على الكذب سلوك معروف عند المنافقين.
মিছা শপত খোৱাটো হৈছে মুনাফিকসকলৰ সুপৰিচিত চৰিত্ৰ। info