Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
33 : 24

وَلْیَسْتَعْفِفِ الَّذِیْنَ لَا یَجِدُوْنَ نِكَاحًا حَتّٰی یُغْنِیَهُمُ اللّٰهُ مِنْ فَضْلِهٖ ؕ— وَالَّذِیْنَ یَبْتَغُوْنَ الْكِتٰبَ مِمَّا مَلَكَتْ اَیْمَانُكُمْ فَكَاتِبُوْهُمْ اِنْ عَلِمْتُمْ فِیْهِمْ خَیْرًا ۖۗ— وَّاٰتُوْهُمْ مِّنْ مَّالِ اللّٰهِ الَّذِیْۤ اٰتٰىكُمْ ؕ— وَلَا تُكْرِهُوْا فَتَیٰتِكُمْ عَلَی الْبِغَآءِ اِنْ اَرَدْنَ تَحَصُّنًا لِّتَبْتَغُوْا عَرَضَ الْحَیٰوةِ الدُّنْیَا ؕ— وَمَنْ یُّكْرِهْهُّنَّ فَاِنَّ اللّٰهَ مِنْ بَعْدِ اِكْرَاهِهِنَّ غَفُوْرٌ رَّحِیْمٌ ۟

দৰিদ্ৰ হোৱাৰ কাৰণে যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, তেওঁলোকে ব্যভিচাৰৰ পৰা নিজকে পৱিত্ৰ ৰখা উচিত, যেতিয়ালৈকে আল্লাহে তেওঁলোকক তেওঁৰ বিশাল অনুগ্ৰহৰে সম্পদ প্ৰদান নকৰে। যিসকল দাসে নিজৰ মালিকৰ পৰা ধনৰ বিনিময়ত স্বাধীনতা বিচাৰে, যদি তেওঁলোকে সেইসকল দাসৰ মাজত বিনিময় আদায় কৰাৰ সামৰ্থ দেখা পায় আৰু ধৰ্মৰ ক্ষেত্ৰত যদি সঠিক জ্ঞান থাকে তেন্তে তেওঁলোকে এই আবেদন স্বীকাৰ কৰা উচিত। তেওঁলোকৰ প্ৰতি এইটোও জৰুৰী যে, আল্লাহে তেওঁলোকক যি সম্পদ দান কৰিছে, তাৰ পৰা সিহঁতকো অলপ প্ৰদান কৰা উচিত। তথা লিখাৰ সময়ত যিটো বিনিময়ৰ ধন নিৰ্ধাৰিত হৈছিল, তাৰে কিছু অংশ মাফ কৰি দিয়া উচিত। ধনৰ লোভত পৰি নিজৰ দাসীসকলক ব্যভিচাৰত লিপ্ত কৰিবলৈ বাধ্য নকৰিবা, তথা ইয়াৰ জৰিয়তে উপাৰ্জিত ধন ভক্ষণ নকৰিবা। যিদৰে আব্দুল্লাহ বিন উবায়ে (সি আছিল এজন মুনাফিক) তাৰ দুই দাসীক ব্যভিচাৰ কৰিবলৈ বাধ্য কৰিছিল, অথচ দাসী দুজনীয়ে ব্যভিচাৰৰ পৰা আঁতৰত থাকি নিজকে পৱিত্ৰ ৰাখিব বিচাৰিছিল। আনহাতে যি ব্যক্তিয়ে নিজৰ দাসীসকলক এনেকুৱা কাম কৰিবলৈ বাধ্য কৰাব তেন্তে আল্লাহে নিশ্চয় সেইসকল দাসীৰ গুনাহসমূহ ক্ষমা কৰি দিব তথা তেওঁলোকৰ প্ৰতি দয়া কৰিব। কিয়নো সিহঁতক বাধ্য কৰোৱা হৈছে। গতিকে যিয়ে বাধ্য কৰাইছে সি হ'ব প্ৰকৃত গুনাহগাৰ। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• الله عز وجل ضيق أسباب الرق (بالحرب) ووسع أسباب العتق وحض عليه .
আল্লাহে (যুদ্ধৰ জৰিয়তে) দাস প্ৰথাৰ মাধ্যমসমূহক সংকীৰ্ণতা প্ৰদান কৰিছে, আনহাতে দাস মুক্তিৰ উপায়সমূহ প্ৰশস্ত কৰি দিছে আৰু ইয়াৰ প্ৰেৰণা দিছে। info

• التخلص من الرِّق عن طريق المكاتبة وإعانة الرقيق بالمال ليعتق حتى لا يشكل الرقيق طبقة مُسْتَرْذَلة تمتهن الفاحشة.
দাসত্বৰ পৰা মুক্তি পাবলৈ কিছু ধন নিৰ্ধাৰিত কৰা বৈধ, যাতে সমাজত দাসত্বৰ দৰে তিৰস্কৃত আৰু অপমানিত কোনো বৰ্গ গঢ়ি নুঠে, যি বৰ্গই অশ্লীলতা প্ৰচাৰ কৰে। info

• قلب المؤمن نَيِّر بنور الفطرة، ونور الهداية الربانية.
মুমিনৰ হৃদয়, ফিতৰত (ইছলাম)ৰ নূৰ আৰু আল্লাহৰ হিদায়তৰ নূৰৰ দ্বাৰা আলোকিত হয়। info

• المساجد بيوت الله في الأرض أنشأها ليعبد فيها، فيجب إبعادها عن الأقذار الحسية والمعنوية.
পৃথিৱীত মছজিদবোৰ হৈছে আল্লাহৰ ঘৰ, এইবোৰ নিৰ্মাণৰ উদ্দেশ্য হৈছে যাতে তাত তেওঁৰ ইবাদত কৰা হয়। গতিকে মছজিদবোৰক প্ৰকাশ্য অপ্ৰকাশ্য সকলো ধৰণৰ আৱৰ্জনাৰ পৰা পৰিস্কাৰ কৰি ৰখা জৰুৰী। info

• من أسماء الله الحسنى (النور) وهو يتضمن صفة النور له سبحانه.
আল্লাহৰ সুন্দৰ নামবোৰৰ মাজত ‘নূৰ’ হৈছে তেওঁৰ অন্যতম এটা নাম। ইয়াৰ দ্বাৰা আল্লাহৰ বাবে নূৰৰ চিফাত প্ৰমাণিত হয়। info