Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
5 : 21

بَلْ قَالُوْۤا اَضْغَاثُ اَحْلَامٍ بَلِ افْتَرٰىهُ بَلْ هُوَ شَاعِرٌ ۖۚ— فَلْیَاْتِنَا بِاٰیَةٍ كَمَاۤ اُرْسِلَ الْاَوَّلُوْنَ ۟

দৰাচলতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে সেই সম্পৰ্কে সিহঁতে দোধোৰমোধোৰ অৱস্থাত আছে, সেয়ে কেতিয়াবা কয়ঃ এইবোৰ হৈছে মিশ্ৰিত সপোন, যাৰ কোনো ব্যাখ্যা নাই। আকৌ কেতিয়াবা কয়ঃ এইবোৰৰ কোনো বাস্তৱিকতা নাই, মুহাম্মদে নিজেই এইবোৰ ৰচনা কৰিছে। আকৌ কেতিয়াবা কয়ঃ তেওঁ এজন কবি। সঁচাই যদি তেওঁ এজন ৰাছুল তেন্তে পূৰ্বৱৰ্তী ৰাছুলসকলৰ দৰে তেওঁ আমাৰ ওচৰলৈ কোনো মুযিঝা (অলৌকিকতা) লৈ অহা উচিত। পূৰ্বৱৰ্তী ৰাছুলসকলে মুযিঝা লৈ আহিছিল, যেনে মূছাই আনিছিল লাখুটি আৰু চলেহ আলাইহিচ্ছালামে আনিছিল উট। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• قُرْب القيامة مما يستوجب الاستعداد لها.
কিয়ামত যিহেতু অতি সন্নিকট, সেয়ে ইয়াৰ বাবে প্ৰস্তুতি লোৱা অত্যন্ত জৰুৰী। info

• انشغال القلوب باللهو يصرفها عن الحق.
অলাগতীয়াল কৰ্মত মনোযোগ দিয়াৰ বাবে সত্যৰ পৰা আঁতৰি যোৱাৰ কাৰণ হৈ পৰে। info

• إحاطة علم الله بما يصدر من عباده من قول أو فعل.
আল্লাহৰ জ্ঞানে বান্দাৰ মুখৰ পৰা উলিওৱা সকলো কথা আৰু তাৰ সকলো কৰ্মক পৰিবেষ্টন কৰি আছে। info

• اختلاف المشركين في الموقف من النبي صلى الله عليه وسلم يدل على تخبطهم واضطرابهم.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে মুশ্বৰিকসকলে দোধোৰমোধোৰ অৱস্থাত পৰি আছে, সিহঁতৰ অস্থিৰতা আৰু তৰলতাত এই কথা প্ৰকাশ পাইছে। info

• أن الله مع رسله والمؤمنين بالتأييد والعون على الأعداء.
সমৰ্থন আৰু শত্ৰুৰ বিপক্ষে সহায়ৰ ক্ষেত্ৰত আল্লাহে সদায় ৰাছুল আৰু মুমিনসকলৰ পক্ষত থাকে। info

• القرآن شرف وعز لمن آمن به وعمل به.
কোৰআন হৈছে মহা সন্মান তথা মহা মৰ্যাদা, সেইসকল লোকৰ বাবে যিসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু সেই অনুসৰি আমল কৰে। info