Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
68 : 17

اَفَاَمِنْتُمْ اَنْ یَّخْسِفَ بِكُمْ جَانِبَ الْبَرِّ اَوْ یُرْسِلَ عَلَیْكُمْ حَاصِبًا ثُمَّ لَا تَجِدُوْا لَكُمْ وَكِیْلًا ۟ۙ

হে মুশ্বৰিকসকল! আল্লাহে তোমালোকক সাগৰৰ বিপদৰ পৰা ৰক্ষা কৰিছে বুলিয়ে তোমালোকে আন আন বিপদৰ পৰা নিশ্চিন্ত হৈ গৈছা নেকি, তেওঁ তোমালোকক ভূমিস্খলনত পতিত নকৰিব বুলি নিশ্চিন্ত হৈছা নেকি, নে তেওঁ তোমালোকৰ ওপৰত আকাশৰ পৰা শিলাবৃষ্টি বৰ্ষণ নকৰিব বুলি নিশ্চিন্ত হৈছা, যিদৰে লূত সম্প্ৰদায়ৰ প্ৰতি কৰিছিল? এনেকুৱা হ'লে তোমালোকক সুৰক্ষা প্ৰদানকাৰী কোনো সংৰক্ষক বিচাৰি নাপাবা, আৰু কোনো সহায়কাৰীও বিচাৰি নাপাবা যিয়ে তোমালোকক ধ্বংসৰ পৰা ৰক্ষা কৰিব। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• الإنسان كفور للنعم إلا من هدى الله.
মানুহ প্ৰকৃততে নিয়ামত অস্বীকাৰকাৰী, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে হিদায়ত প্ৰদান কৰে। info

• كل أمة تُدْعَى إلى دينها وكتابها، هل عملت به أو لا؟ والله لا يعذب أحدًا إلا بعد قيام الحجة عليه ومخالفته لها.
প্ৰত্যেক উম্মতক সিহঁতৰ দ্বীন আৰু গ্ৰন্থৰ পিনে আহ্বান কৰা হ'ব, সিহঁতে সেই গ্ৰন্থ মতে আমল কৰিছিল নে নাই। আল্লাহে কোনো ব্যক্তিৰ বিৰুদ্ধাচৰণ প্ৰমাণিত নকৰাকৈ শাস্তি প্ৰদান নকৰে। info

• عداوة المجرمين والمكذبين للرسل وورثتهم ظاهرة بسبب الحق الذي يحملونه، وليس لذواتهم.
ৰাছুল আৰু তেওঁলোকৰ উত্তৰাধিকাৰীসকলৰ লগত অপৰাধী আৰু অস্বীকাৰকাৰী সকলে সেই সত্যৰ কাৰণে শত্ৰুতা পোষণ কৰে যিটো তেওঁলোকৰ ওচৰত আছে। তেওঁলোকৰ লগত ব্যক্তিগত কোনো শত্ৰুতা নাই। info

• الله تعالى عصم النبي من أسباب الشر ومن البشر، فثبته وهداه الصراط المستقيم، ولورثته مثل ذلك على حسب اتباعهم له.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সকলো প্ৰকাৰ অনিষ্টৰ মাধ্যমৰ পৰা তথা মানুহৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল। এতেকে তেখেতক সঠিক পথত অটল ৰাখিছিল আৰু পোন পথৰ হিদায়ত প্ৰদান কৰিছিল। আৰু তেখেতৰ অনুসাৰীসকলকো তেখেতৰ অনুসৰণ অনুপাতে সেইদৰেই সুৰক্ষা প্ৰদান কৰিব। info