Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
34 : 14

وَاٰتٰىكُمْ مِّنْ كُلِّ مَا سَاَلْتُمُوْهُ ؕ— وَاِنْ تَعُدُّوْا نِعْمَتَ اللّٰهِ لَا تُحْصُوْهَا ؕ— اِنَّ الْاِنْسَانَ لَظَلُوْمٌ كَفَّارٌ ۟۠

তেৱেঁই তোমালোকক সেই সকলো বস্তু প্ৰদান কৰিছে যিবোৰ তোমালোকে বিচাৰিছিলা আৰু যিবোৰ তোমালোকে বিচৰা নাছিলা। আল্লাহৰ নিয়ামত সংখ্যাত ইমান বেছি যে, যদি সেইবোৰ তোমালোকে গণনা কৰিব বিচৰা তেন্তে কেতিয়াও সেয়া গণি শেষ কৰিব নোৱাৰিবা। তোমালোকৰ সন্মুখত বৰ্ণিত নিয়ামতসমূহ হৈছে কেৱল কিছুমান উদাহৰণ মাত্ৰ। নিশ্চয় মানুহ নিজৰ প্ৰতি নিজেই অন্যায়কাৰী, তথা আল্লাহৰ নিয়ামতসমূহক অধিক অস্বীকাৰকাৰী। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• بيان فضيلة مكة التي دعا لها نبي الله إبراهيم عليه الصلاة والسلام.
মক্কা নগৰীৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, যাৰ বাবে ইব্ৰাহীম আলাইহিছ ছালামে দুআ কৰিছিল। info

• أن الإنسان مهما ارتفع شأنه في مراتب الطاعة والعبودية ينبغي له أن يخاف على نفسه وذريته من جليل الشرك ودقيقه.
মানুহে আনুগত্য আৰু ইবাদতৰ ক্ষেত্ৰত যিমানেই ডাঙৰ মৰ্যাদা নাপাওক কিয়, তেওঁ নিজে আৰু নিজ সন্তান-সন্ততিৰ বাবে সদায় শ্বিৰ্কৰ পৰা ভয় কৰা উচিত। info

• دعاء إبراهيم عليه الصلاة والسلام يدل على أن العبد مهما ارتفع شأنه يظل مفتقرًا إلى الله تعالى ومحتاجًا إليه.
ইব্ৰাহীম আলাইহিছ ছালামৰ প্ৰাৰ্থনাই এই কথা প্ৰমাণ কৰে যে, বান্দা যিমানেই মৰ্যদাশীল নহওঁক কিয়, সদায় আল্লাহৰ মুখাপেক্ষী। info

• من أساليب التربية: الدعاء للأبناء بالصلاح وحسن المعتقد والتوفيق في إقامة شعائر الدين.
লালন-পালনৰ এটা অন্যতম দিশ হৈছে এই যে, নিজৰ সন্তানৰ বাবে নেকী আৰু সঠিক আক্বীদাৰ বাবে দুআ কৰা উচিত, লগতে দুআ কৰা উচিত তেওঁলোক যাতে ধৰ্মীয় নীতি নিয়ম মানি চলিব পাৰে। info