Tradução dos significados do Nobre Qur’an. - Tradução Assam - Rafiq al-Islam Habib al-Rahman

আল-আ'লা

external-link copy
1 : 87

سَبِّحِ اسْمَ رَبِّكَ الْاَعْلَی ۟ۙ

তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, info
التفاسير:

external-link copy
2 : 87

الَّذِیْ خَلَقَ فَسَوّٰی ۟

যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে। info
التفاسير:

external-link copy
3 : 87

وَالَّذِیْ قَدَّرَ فَهَدٰی ۟

আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে, info
التفاسير:

external-link copy
4 : 87

وَالَّذِیْۤ اَخْرَجَ الْمَرْعٰی ۟

আৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে, info
التفاسير:

external-link copy
5 : 87

فَجَعَلَهٗ غُثَآءً اَحْوٰی ۟ؕ

তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে। info
التفاسير:

external-link copy
6 : 87

سَنُقْرِئُكَ فَلَا تَنْسٰۤی ۟ۙ

অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা, info
التفاسير:

external-link copy
7 : 87

اِلَّا مَا شَآءَ اللّٰهُ ؕ— اِنَّهٗ یَعْلَمُ الْجَهْرَ وَمَا یَخْفٰی ۟ؕ

কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে। info
التفاسير:

external-link copy
8 : 87

وَنُیَسِّرُكَ لِلْیُسْرٰی ۟ۚۖ

আৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম। info
التفاسير:

external-link copy
9 : 87

فَذَكِّرْ اِنْ نَّفَعَتِ الذِّكْرٰی ۟ؕ

এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়; info
التفاسير:

external-link copy
10 : 87

سَیَذَّكَّرُ مَنْ یَّخْشٰی ۟ۙ

উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে। info
التفاسير:

external-link copy
11 : 87

وَیَتَجَنَّبُهَا الْاَشْقَی ۟ۙ

আৰু যিজন দুৰ্ভগীয়া সিয়েই ইয়াক অগ্ৰাহ্য কৰিব, info
التفاسير:

external-link copy
12 : 87

الَّذِیْ یَصْلَی النَّارَ الْكُبْرٰی ۟ۚ

সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব। info
التفاسير:

external-link copy
13 : 87

ثُمَّ لَا یَمُوْتُ فِیْهَا وَلَا یَحْیٰی ۟ؕ

তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব। info
التفاسير:

external-link copy
14 : 87

قَدْ اَفْلَحَ مَنْ تَزَكّٰی ۟ۙ

নিশ্চয় সিয়েই সফলতা লাভ কৰে, যিয়ে আত্মশুদ্ধি কৰে। info
التفاسير:

external-link copy
15 : 87

وَذَكَرَ اسْمَ رَبِّهٖ فَصَلّٰی ۟ؕ

লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে। info
التفاسير:

external-link copy
16 : 87

بَلْ تُؤْثِرُوْنَ الْحَیٰوةَ الدُّنْیَا ۟ۚۖ

কিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিয়া, info
التفاسير:

external-link copy
17 : 87

وَالْاٰخِرَةُ خَیْرٌ وَّاَبْقٰی ۟ؕ

অথচ আখিৰাত হৈছে সৰ্বোত্তম আৰু স্থায়ী। info
التفاسير:

external-link copy
18 : 87

اِنَّ هٰذَا لَفِی الصُّحُفِ الْاُوْلٰی ۟ۙ

নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত, info
التفاسير:

external-link copy
19 : 87

صُحُفِ اِبْرٰهِیْمَ وَمُوْسٰی ۟۠

ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত। info
التفاسير: