Tradução dos significados do Nobre Qur’an. - Tradução Assam - Rafiq al-Islam Habib al-Rahman

Número de página:close

external-link copy
41 : 70

عَلٰۤی اَنْ نُّبَدِّلَ خَیْرًا مِّنْهُمْ ۙ— وَمَا نَحْنُ بِمَسْبُوْقِیْنَ ۟

সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এইটো কৰিবলৈ আমি অক্ষম নহয়। info
التفاسير:

external-link copy
42 : 70

فَذَرْهُمْ یَخُوْضُوْا وَیَلْعَبُوْا حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ یُوْعَدُوْنَ ۟ۙ

এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যিটো দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত। info
التفاسير:

external-link copy
43 : 70

یَوْمَ یَخْرُجُوْنَ مِنَ الْاَجْدَاثِ سِرَاعًا كَاَنَّهُمْ اِلٰی نُصُبٍ یُّوْفِضُوْنَ ۟ۙ

সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাৱিত হৈছে, info
التفاسير:

external-link copy
44 : 70

خَاشِعَةً اَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ؕ— ذٰلِكَ الْیَوْمُ الَّذِیْ كَانُوْا یُوْعَدُوْنَ ۟۠

সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব। এইটোৱে সেইদিৱস যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল। info
التفاسير: