Tradução dos significados do Nobre Qur’an. - Tradução Assam - Rafiq al-Islam Habib al-Rahman

আল-কলম

external-link copy
1 : 68

نٓ وَالْقَلَمِ وَمَا یَسْطُرُوْنَ ۟ۙ

নূন;[1] কলমৰ শপত আৰু তেওঁলোকে (ফিৰিস্তাসকলে) যি লিখে তাৰ শপত! info

[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

التفاسير:

external-link copy
2 : 68

مَاۤ اَنْتَ بِنِعْمَةِ رَبِّكَ بِمَجْنُوْنٍ ۟ۚ

তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি উন্মাদ নহয়। info
التفاسير:

external-link copy
3 : 68

وَاِنَّ لَكَ لَاَجْرًا غَیْرَ مَمْنُوْنٍ ۟ۚ

আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ। info
التفاسير:

external-link copy
4 : 68

وَاِنَّكَ لَعَلٰی خُلُقٍ عَظِیْمٍ ۟

আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত। info
التفاسير:

external-link copy
5 : 68

فَسَتُبْصِرُ وَیُبْصِرُوْنَ ۟ۙ

এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব-- info
التفاسير:

external-link copy
6 : 68

بِاَیِّىكُمُ الْمَفْتُوْنُ ۟

তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ? info
التفاسير:

external-link copy
7 : 68

اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ ۪— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟

নিশ্চয় তোমাৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু এই কথাও ভালকৈয়ে জানে কোনসকল লোক হিদায়তপ্ৰাপ্ত। info
التفاسير:

external-link copy
8 : 68

فَلَا تُطِعِ الْمُكَذِّبِیْنَ ۟

গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা। info
التفاسير:

external-link copy
9 : 68

وَدُّوْا لَوْ تُدْهِنُ فَیُدْهِنُوْنَ ۟

সিহঁতে কামনা কৰে যে, তুমি আপোচকামী হোৱা, তেন্তে সিহঁতেও আপোচকামী হ'ব। info
التفاسير:

external-link copy
10 : 68

وَلَا تُطِعْ كُلَّ حَلَّافٍ مَّهِیْنٍ ۟ۙ

আৰু তুমি এনেকুৱা ব্যক্তিৰো আনুগত্য নকৰিবা যিয়ে অধিক শপত খায়, লাঞ্ছিত, info
التفاسير:

external-link copy
11 : 68

هَمَّازٍ مَّشَّآءٍ بِنَمِیْمٍ ۟ۙ

পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজনে চোগলখুৰী কৰি ফুৰে (ইজনৰ কথা সিজনক গাই ফুৰে), info
التفاسير:

external-link copy
12 : 68

مَّنَّاعٍ لِّلْخَیْرِ مُعْتَدٍ اَثِیْمٍ ۟ۙ

কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী, পাপিষ্ঠ, info
التفاسير:

external-link copy
13 : 68

عُتُلٍّۢ بَعْدَ ذٰلِكَ زَنِیْمٍ ۟ۙ

দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত; info
التفاسير:

external-link copy
14 : 68

اَنْ كَانَ ذَا مَالٍ وَّبَنِیْنَ ۟ؕ

এই কাৰণে যে, সি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত সমৃদ্ধশালী। info
التفاسير:

external-link copy
15 : 68

اِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا قَالَ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟

যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ হৈছে পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ। info
التفاسير:

external-link copy
16 : 68

سَنَسِمُهٗ عَلَی الْخُرْطُوْمِ ۟

শীঘ্ৰেই আমি তাৰ শুঁৰত (নাকত) দাগ দিম। info
التفاسير: