Tradução dos significados do Nobre Qur’an. - Tradução Assam - Rafiq al-Islam Habib al-Rahman

Número de página:close

external-link copy
154 : 2

وَلَا تَقُوْلُوْا لِمَنْ یُّقْتَلُ فِیْ سَبِیْلِ اللّٰهِ اَمْوَاتٌ ؕ— بَلْ اَحْیَآءٌ وَّلٰكِنْ لَّا تَشْعُرُوْنَ ۟

আৰু যিসকলে আল্লাহৰ পথত নিহত হয়, তেওঁলোকক মৃত বুলি নামাতিবা, বৰং তেওঁলোক হৈছে জীৱিত; কিন্তু তোমালোকে উপলব্ধি কৰিব নোৱাৰা। info
التفاسير:

external-link copy
155 : 2

وَلَنَبْلُوَنَّكُمْ بِشَیْءٍ مِّنَ الْخَوْفِ وَالْجُوْعِ وَنَقْصٍ مِّنَ الْاَمْوَالِ وَالْاَنْفُسِ وَالثَّمَرٰتِ ؕ— وَبَشِّرِ الصّٰبِرِیْنَ ۟ۙ

আৰু আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম অলপ ভয়-ভীতি, ভোক আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়-ক্ষতিৰ দ্বাৰা; আৰু তুমি ধৈৰ্য্যশীলসকলক সুসংবাদ দিয়া-- info
التفاسير:

external-link copy
156 : 2

الَّذِیْنَ اِذَاۤ اَصَابَتْهُمْ مُّصِیْبَةٌ ۙ— قَالُوْۤا اِنَّا لِلّٰهِ وَاِنَّاۤ اِلَیْهِ رٰجِعُوْنَ ۟ؕ

যিসকলে বিপদত আক্ৰান্ত হ’লে কয়, ‘আমিতো আল্লাহৰেই, আৰু নিশ্চয় আমি তেওঁৰ পিনেই প্ৰত্যাৱৰ্তনকাৰী’। info
التفاسير:

external-link copy
157 : 2

اُولٰٓىِٕكَ عَلَیْهِمْ صَلَوٰتٌ مِّنْ رَّبِّهِمْ وَرَحْمَةٌ ۫— وَاُولٰٓىِٕكَ هُمُ الْمُهْتَدُوْنَ ۟

এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতিপালকৰ পৰা বিশেষ অনুগ্ৰহ আৰু ৰহমত বৰ্ষিত হয়, আৰু এওঁলোকেই সৎপথত পৰিচালিত। info
التفاسير:

external-link copy
158 : 2

اِنَّ الصَّفَا وَالْمَرْوَةَ مِنْ شَعَآىِٕرِ اللّٰهِ ۚ— فَمَنْ حَجَّ الْبَیْتَ اَوِ اعْتَمَرَ فَلَا جُنَاحَ عَلَیْهِ اَنْ یَّطَّوَّفَ بِهِمَا ؕ— وَمَنْ تَطَوَّعَ خَیْرًا ۙ— فَاِنَّ اللّٰهَ شَاكِرٌ عَلِیْمٌ ۟

নিশ্চয় চাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে (কাবা) ঘৰৰ হজ্জ অথবা ওমৰাহ সম্পন্ন কৰে, এই দুটাৰ মাজত ছায়ী (প্ৰদক্ষিণ) কৰিলে তাৰ কোনো পাপ নহ’ব; আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎকৰ্ম কৰিব, তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰস্কাৰদাতা, সৰ্বজ্ঞ। info
التفاسير:

external-link copy
159 : 2

اِنَّ الَّذِیْنَ یَكْتُمُوْنَ مَاۤ اَنْزَلْنَا مِنَ الْبَیِّنٰتِ وَالْهُدٰی مِنْ بَعْدِ مَا بَیَّنّٰهُ لِلنَّاسِ فِی الْكِتٰبِ ۙ— اُولٰٓىِٕكَ یَلْعَنُهُمُ اللّٰهُ وَیَلْعَنُهُمُ اللّٰعِنُوْنَ ۟ۙ

নিশ্চয় আমি যিবোৰ সু-স্পষ্ট নিদৰ্শন আৰু হিদায়ত অৱতীৰ্ণ কৰিছোঁ, মানুহৰ বাবে কিতাবত সেইবোৰ স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছতো যিসকলে সেইবোৰ গোপন কৰে, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে। info
التفاسير:

external-link copy
160 : 2

اِلَّا الَّذِیْنَ تَابُوْا وَاَصْلَحُوْا وَبَیَّنُوْا فَاُولٰٓىِٕكَ اَتُوْبُ عَلَیْهِمْ ۚ— وَاَنَا التَّوَّابُ الرَّحِیْمُ ۟

কিন্তু যিসকলে তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে আৰু সত্যক সুস্পষ্টভাৱে ব্যক্ত কৰিছে। তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ তাওবা আমি কবুল কৰোঁ; আৰু মই অধিক তাওবা কবুলকাৰী, পৰম দয়ালু। info
التفاسير:

external-link copy
161 : 2

اِنَّ الَّذِیْنَ كَفَرُوْا وَمَاتُوْا وَهُمْ كُفَّارٌ اُولٰٓىِٕكَ عَلَیْهِمْ لَعْنَةُ اللّٰهِ وَالْمَلٰٓىِٕكَةِ وَالنَّاسِ اَجْمَعِیْنَ ۟ۙ

নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিশাপ। info
التفاسير:

external-link copy
162 : 2

خٰلِدِیْنَ فِیْهَا ۚ— لَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْظَرُوْنَ ۟

তাত সিহঁত স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব। info
التفاسير:

external-link copy
163 : 2

وَاِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ— لَاۤ اِلٰهَ اِلَّا هُوَ الرَّحْمٰنُ الرَّحِیْمُ ۟۠

আৰু তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। তেওঁ পৰম কৰুণাময়, পৰম দয়ালু। info
التفاسير: