Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão

external-link copy
26 : 53

وَكَمْ مِّنْ مَّلَكٍ فِی السَّمٰوٰتِ لَا تُغْنِیْ شَفَاعَتُهُمْ شَیْـًٔا اِلَّا مِنْ بَعْدِ اَنْ یَّاْذَنَ اللّٰهُ لِمَنْ یَّشَآءُ وَیَرْضٰی ۟

আকাশমণ্ডলত অসংখ্য ফিৰিস্তা আছে, যদি তেওঁলোকে কাৰোবাৰ বিষয়ে মধ্যস্ততা কৰিব বিচাৰে তেন্তে তেওঁলোকৰ মধ্যস্ততা কোনো কামত নাহিব। কিন্তু তেওঁলোকৰ মাজৰ পৰা যাক আল্লাহে মধ্যস্ততা কৰাৰ অনুমতি দিব তাৰ বিষয়টো সুকীয়া, আৰু যাৰ সপক্ষে মধ্যস্ততা কৰিব তাৰ ওপৰতো আল্লাহ সন্তুষ্ট হ’ব লাগিব। কিয়নো আল্লাহে কোনো মুশ্বৰিক ব্যক্তিৰ সপক্ষে কেতিয়াও মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান নকৰিব। তথা তেওঁ এনেকুৱা কোনো ব্যক্তিৰ প্ৰতিও সন্তুষ্ট নহ’ব, যিয়ে তেওঁৰ বাহিৰে আনৰ উপাসনা কৰিছিল। info
التفاسير:
Das notas do versículo nesta página:
• كمال أدب النبي صلى الله عليه وسلم حيث لم يَزغْ بصره وهو في السماء السابعة.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্ণ শিষ্টাচাৰৰ প্ৰমাণ যে, তেওঁ সপ্তম আকাশতো দৃষ্টি ইফাল-সিফাল কৰা নাছিল। info

• سفاهة عقل المشركين حيث عبدوا شيئًا لا يضر ولا ينفع، ونسبوا لله ما يكرهون واصطفوا لهم ما يحبون.
এইটো মুশ্বৰিকসকলৰ বিবেকহীনতাৰ প্ৰমাণ যে, সিহঁতে এনেকুৱা বস্তুৰ উপাসনা কৰে যিবোৰে ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। তথা সিহঁতে আল্লাহৰ সৈতে এনেকুৱা বিষয় সম্পৃক্ত কৰে, যিবোৰক সিহঁতে নিজৰ বাবে অপছন্দ কৰে। আনহাতে নিজৰ বাবে সেইবোৰ বাচি লয়, যিবোৰ সিহঁতে পছন্দ কৰে। info

• الشفاعة لا تقع إلا بشرطين: الإذن للشافع، والرضا عن المشفوع له.
মধ্যস্ততা দুটা চৰ্তত সাব্যস্ত হ’বঃ মধ্যস্ততাকাৰী ব্যক্তিয়ে অনুমতি পাব লাগিব; আৰু যাৰ সপক্ষে মধ্যস্ততা কৰা হ’ব, তেওঁৰ ওপৰত আল্লাহ সন্তুষ্ট হ’ব লাগিব। info