Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão

external-link copy
69 : 39

وَاَشْرَقَتِ الْاَرْضُ بِنُوْرِ رَبِّهَا وَوُضِعَ الْكِتٰبُ وَجِایْٓءَ بِالنَّبِیّٖنَ وَالشُّهَدَآءِ وَقُضِیَ بَیْنَهُمْ بِالْحَقِّ وَهُمْ لَا یُظْلَمُوْنَ ۟

যেতিয়া সৰ্বশক্তিমান পৱিত্ৰ আল্লাহ তেওঁৰ বান্দাসকলৰ মাজত মীমাংসা কৰিবলৈ দেখা দিব, তেতিয়া তেওঁৰ নূৰৰ দ্বাৰা পৃথিৱী আলোকিত হৈ পৰিব। সেইদিনা মানুহৰ কৰ্মফল (আমলনামা) উপস্থাপন কৰা হ’ব। আনহাতে নবীসকলক উপস্থিত কৰা হ’ব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক নবীসকলৰ সপক্ষে তথা তেওঁলোকৰ জাতিৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিবলৈ উপস্থিত কৰা হ’ব। আল্লাহে সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সেইদিনা কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কোনো মানুহৰেই গুনাহ বৃদ্ধি কৰা নহ’ব আৰু কোনো ব্যক্তিৰেই ছোৱাব হ্ৰাস কৰা নহ’ব। info
التفاسير:
Das notas do versículo nesta página:
• ثبوت نفختي الصور.
দুটা ফুঁ দিয়াৰ প্ৰমাণ। info

• بيان الإهانة التي يتلقاها الكفار، والإكرام الذي يُسْتَقبل به المؤمنون.
কাফিৰসকলে সন্মুখীন হ'বলগীয়া অপমানৰ বৰ্ণনা, আনহাতে মুমিনসকলে যিবোৰ সন্মানেৰে বিভূষিত হ'ব সেইবোৰ উল্লেখ কৰা হৈছে। info

• ثبوت خلود الكفار في الجحيم، وخلود المؤمنين في النعيم.
এই কথাও প্ৰমাণিত হ’ল যে, কাফিৰসকলে জাহান্নামত চিৰকাল বসবাস কৰিব, আনহাতে মুমিনসকলে জান্নাতৰ চিৰস্থায়ী নিয়ামতসমূহৰ মাজত চিৰকাল থাকিব। info

• طيب العمل يورث طيب الجزاء.
সৎকৰ্মৰ দ্বাৰা সদায় উত্তম ফলাফল লাভ হয়। info