Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão

external-link copy
69 : 2

قَالُوا ادْعُ لَنَا رَبَّكَ یُبَیِّنْ لَّنَا مَا لَوْنُهَا ؕ— قَالَ اِنَّهٗ یَقُوْلُ اِنَّهَا بَقَرَةٌ صَفْرَآءُ ۙ— فَاقِعٌ لَّوْنُهَا تَسُرُّ النّٰظِرِیْنَ ۟

কিন্তু সিহঁতে বাদ-বিবাদ আৰু অবাধ্যতা পৰিহাৰ নকৰিলে আৰু মূছা আলাইহিছ ছালামক কলেঃ তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা তেওঁ যেন আমাক স্পষ্ট কৰি দিয়ে যে, গাইজনীৰ ৰং কেনেকুৱা হব? মূছা আলাইহিছ ছালামে কলেঃ গাইজনী হালধীয়া ৰঙৰ হব লাগে অতি উজ্জ্বল ৰং বিশিষ্ট, যিটো দৰ্শকসকলক আনন্দ দিয়ে। info
التفاسير:
Das notas do versículo nesta página:
• الحُكم المذكور في الآية الأولى لِمَا قبل بعثة النبي صلى الله عليه وسلم، وأما بعد بعثته فإن الدين المَرْضِيَّ عند الله هو الإسلام، لا يقبل غيره، كما قال الله تعالى: ﴿ وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْه ﴾ (آل عمران: 85).
প্ৰথম আয়াতত যিটো কথা কোৱা হৈছে সেয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰিত হোৱাৰ আগৰ সময়ৰ লগত সম্পৰ্ক। অন্যথা তেখেতে নবী হোৱাৰ পাছত আল্লাহৰ ওচৰত গ্ৰহণযোগ্য মনোনীত ধৰ্ম কেৱল একমাত্ৰ ইছলাম। আল্লাহে ইয়াৰ বাহিৰে আন কোনো ধৰ্মক দ্বীন হিচাপে গ্ৰহণ নকৰিব। যেনেঃ আল্লাহ তাআলাই কৈছেঃ যিয়ে ইছলামৰ আন কোনো ধৰ্ম সন্ধান কৰিব আল্লাহে তাৰ পৰা সেয়া কেতিয়া গ্ৰহণ নকৰিব। (ছুৰা আলে-ইমৰাণঃ ৮৫) info

• قد يُعَجِّلُ الله العقوبة على بعض المعاصي في الدنيا قبل الآخرة؛ لتكون تذكرة يتعظ بها الناس فيحذروا مخالفة أمر الله تعالى.
আল্লাহ তাআলাই কেতিয়াবা কেতিয়াবা কিছুমান গুনাহৰ শাস্তি আখিৰাতৰ পৰিবৰ্তে পৃথিৱীতেই প্ৰদান কৰে যাতে মানুহে ইয়াৰ পৰা শিক্ষা লৈ আল্লাহৰ আদেশৰ অবাধ্যতা কৰাৰ পৰা বিৰত থাকে। info

• أنّ من ضيَّق على نفسه وشدّد عليها فيما ورد موسَّعًا في الشريعة، قد يُعاقَبُ بالتشديد عليه.
যিয়ে নিজকে এনেকুৱা বিষয়ত সংকীৰ্ণ তথা কঠিনতাত লিপ্ত কৰে যি বিষয়ত চৰীয়তে উদাৰতা প্ৰদান কৰিছে তেনে ক্ষেত্ৰত তাক শাস্তি স্বৰূপে তেনেকুৱা সংকীৰ্ণতাতেই লিপ্ত কৰা হয়। info