വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
31 : 51

قَالَ فَمَا خَطْبُكُمْ اَیُّهَا الْمُرْسَلُوْنَ ۟

ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’? info
التفاسير:

external-link copy
32 : 51

قَالُوْۤا اِنَّاۤ اُرْسِلْنَاۤ اِلٰی قَوْمٍ مُّجْرِمِیْنَ ۟ۙ

তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে--- info
التفاسير:

external-link copy
33 : 51

لِنُرْسِلَ عَلَیْهِمْ حِجَارَةً مِّنْ طِیْنٍ ۟ۙ

সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ, info
التفاسير:

external-link copy
34 : 51

مُّسَوَّمَةً عِنْدَ رَبِّكَ لِلْمُسْرِفِیْنَ ۟

যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালংঘনকাৰীসকলৰ বাবে। info
التفاسير:

external-link copy
35 : 51

فَاَخْرَجْنَا مَنْ كَانَ فِیْهَا مِنَ الْمُؤْمِنِیْنَ ۟ۚ

আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছোঁ। info
التفاسير:

external-link copy
36 : 51

فَمَا وَجَدْنَا فِیْهَا غَیْرَ بَیْتٍ مِّنَ الْمُسْلِمِیْنَ ۟ۚ

কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাছিলোঁ। info
التفاسير:

external-link copy
37 : 51

وَتَرَكْنَا فِیْهَاۤ اٰیَةً لِّلَّذِیْنَ یَخَافُوْنَ الْعَذَابَ الْاَلِیْمَ ۟ؕ

আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছোঁ। info
التفاسير:

external-link copy
38 : 51

وَفِیْ مُوْسٰۤی اِذْ اَرْسَلْنٰهُ اِلٰی فِرْعَوْنَ بِسُلْطٰنٍ مُّبِیْنٍ ۟

আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ পঠিয়াইছিলোঁ, info
التفاسير:

external-link copy
39 : 51

فَتَوَلّٰی بِرُكْنِهٖ وَقَالَ سٰحِرٌ اَوْ مَجْنُوْنٌ ۟

কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন (সুদক্ষ) যাদুকৰ নহ’লে উন্মাদ’। info
التفاسير:

external-link copy
40 : 51

فَاَخَذْنٰهُ وَجُنُوْدَهٗ فَنَبَذْنٰهُمْ فِی الْیَمِّ وَهُوَ مُلِیْمٌ ۟ؕ

ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক শাস্তি বিহিছিলোঁ আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিছিলোঁ, আৰু সি আছিল তিৰস্কাৰযোগ্য। info
التفاسير:

external-link copy
41 : 51

وَفِیْ عَادٍ اِذْ اَرْسَلْنَا عَلَیْهِمُ الرِّیْحَ الْعَقِیْمَ ۟ۚ

আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলোঁ; info
التفاسير:

external-link copy
42 : 51

مَا تَذَرُ مِنْ شَیْءٍ اَتَتْ عَلَیْهِ اِلَّا جَعَلَتْهُ كَالرَّمِیْمِ ۟ؕ

সেই বতাহজাকে একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল। info
التفاسير:

external-link copy
43 : 51

وَفِیْ ثَمُوْدَ اِذْ قِیْلَ لَهُمْ تَمَتَّعُوْا حَتّٰی حِیْنٍ ۟

আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ভোগ কৰি লোৱা’। info
التفاسير:

external-link copy
44 : 51

فَعَتَوْا عَنْ اَمْرِ رَبِّهِمْ فَاَخَذَتْهُمُ الصّٰعِقَةُ وَهُمْ یَنْظُرُوْنَ ۟

তথাপিও সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে। info
التفاسير:

external-link copy
45 : 51

فَمَا اسْتَطَاعُوْا مِنْ قِیَامٍ وَّمَا كَانُوْا مُنْتَصِرِیْنَ ۟ۙ

ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে। info
التفاسير:

external-link copy
46 : 51

وَقَوْمَ نُوْحٍ مِّنْ قَبْلُ ؕ— اِنَّهُمْ كَانُوْا قَوْمًا فٰسِقِیْنَ ۟۠

আৰু (ধ্বংস কৰিছিলোঁ) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়। info
التفاسير:

external-link copy
47 : 51

وَالسَّمَآءَ بَنَیْنٰهَا بِاَیْىدٍ وَّاِنَّا لَمُوْسِعُوْنَ ۟

আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছোঁ আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী। info
التفاسير:

external-link copy
48 : 51

وَالْاَرْضَ فَرَشْنٰهَا فَنِعْمَ الْمٰهِدُوْنَ ۟

আৰু আমি ভূমিখনক পাৰি দিছোঁ, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী! info
التفاسير:

external-link copy
49 : 51

وَمِنْ كُلِّ شَیْءٍ خَلَقْنَا زَوْجَیْنِ لَعَلَّكُمْ تَذَكَّرُوْنَ ۟

আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা। info
التفاسير:

external-link copy
50 : 51

فَفِرُّوْۤا اِلَی اللّٰهِ ؕ— اِنِّیْ لَكُمْ مِّنْهُ نَذِیْرٌ مُّبِیْنٌ ۟ۚ

এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে। info
التفاسير:

external-link copy
51 : 51

وَلَا تَجْعَلُوْا مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ؕ— اِنِّیْ لَكُمْ مِّنْهُ نَذِیْرٌ مُّبِیْنٌ ۟

আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে। info
التفاسير: