വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
7 : 51

وَالسَّمَآءِ ذَاتِ الْحُبُكِ ۟ۙ

শপত বহু পথবিশিষ্ট আকাশৰ, info
التفاسير:

external-link copy
8 : 51

اِنَّكُمْ لَفِیْ قَوْلٍ مُّخْتَلِفٍ ۟ۙ

নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত। info
التفاسير:

external-link copy
9 : 51

یُّؤْفَكُ عَنْهُ مَنْ اُفِكَ ۟ؕ

ইয়াৰ পৰা বিৰত থাকে সেই ব্যক্তি, যাক বিৰত ৰখা হৈছে। info
التفاسير:

external-link copy
10 : 51

قُتِلَ الْخَرّٰصُوْنَ ۟ۙ

মিছলীয়াসকল (তথা অনুমানত কথা কোৱাসকল) ধ্বংস হওক! info
التفاسير:

external-link copy
11 : 51

الَّذِیْنَ هُمْ فِیْ غَمْرَةٍ سَاهُوْنَ ۟ۙ

যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন। info
التفاسير:

external-link copy
12 : 51

یَسْـَٔلُوْنَ اَیَّانَ یَوْمُ الدِّیْنِ ۟ؕ

সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’? info
التفاسير:

external-link copy
13 : 51

یَوْمَ هُمْ عَلَی النَّارِ یُفْتَنُوْنَ ۟

‘(কোৱা) যিদিনা সিহঁতক শাস্তি দিয়া হ’ব অগ্নিত’। info
التفاسير:

external-link copy
14 : 51

ذُوْقُوْا فِتْنَتَكُمْ ؕ— هٰذَا الَّذِیْ كُنْتُمْ بِهٖ تَسْتَعْجِلُوْنَ ۟

কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’। info
التفاسير:

external-link copy
15 : 51

اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّعُیُوْنٍ ۟ۙ

নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত। info
التفاسير:

external-link copy
16 : 51

اٰخِذِیْنَ مَاۤ اٰتٰىهُمْ رَبُّهُمْ ؕ— اِنَّهُمْ كَانُوْا قَبْلَ ذٰلِكَ مُحْسِنِیْنَ ۟ؕ

তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে (আনন্দচিত্তে) গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে তেওঁলোক আছিল সৎকৰ্মশীল, info
التفاسير:

external-link copy
17 : 51

كَانُوْا قَلِیْلًا مِّنَ الَّیْلِ مَا یَهْجَعُوْنَ ۟

তেওঁলোকে ৰাতিৰ অতি কম সময় টোপনিত কটাইছিল, info
التفاسير:

external-link copy
18 : 51

وَبِالْاَسْحَارِ هُمْ یَسْتَغْفِرُوْنَ ۟

আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল, info
التفاسير:

external-link copy
19 : 51

وَفِیْۤ اَمْوَالِهِمْ حَقٌّ لِّلسَّآىِٕلِ وَالْمَحْرُوْمِ ۟

আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক (প্ৰাপ্য)। info
التفاسير:

external-link copy
20 : 51

وَفِی الْاَرْضِ اٰیٰتٌ لِّلْمُوْقِنِیْنَ ۟ۙ

আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত আছে বহুতো নিদৰ্শন, info
التفاسير:

external-link copy
21 : 51

وَفِیْۤ اَنْفُسِكُمْ ؕ— اَفَلَا تُبْصِرُوْنَ ۟

আৰু তোমালোকৰ নিজৰ মাজতো আছে (বহুতো নিদৰ্শন)। তোমালোকে লক্ষ্য নকৰা নেকি? info
التفاسير:

external-link copy
22 : 51

وَفِی السَّمَآءِ رِزْقُكُمْ وَمَا تُوْعَدُوْنَ ۟

আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু। info
التفاسير:

external-link copy
23 : 51

فَوَرَبِّ السَّمَآءِ وَالْاَرْضِ اِنَّهٗ لَحَقٌّ مِّثْلَ مَاۤ اَنَّكُمْ تَنْطِقُوْنَ ۟۠

এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য, যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য। info
التفاسير:

external-link copy
24 : 51

هَلْ اَتٰىكَ حَدِیْثُ ضَیْفِ اِبْرٰهِیْمَ الْمُكْرَمِیْنَ ۟ۘ

ইব্ৰাহীমৰ সন্মানিত অতিথিসকলৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহিছেনে? info
التفاسير:

external-link copy
25 : 51

اِذْ دَخَلُوْا عَلَیْهِ فَقَالُوْا سَلٰمًا ؕ— قَالَ سَلٰمٌ ۚ— قَوْمٌ مُّنْكَرُوْنَ ۟

যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখোন অচিনাকি ব্যক্তি। info
التفاسير:

external-link copy
26 : 51

فَرَاغَ اِلٰۤی اَهْلِهٖ فَجَآءَ بِعِجْلٍ سَمِیْنٍ ۟ۙ

তাৰ পিছত তেওঁ (ইব্ৰাহীম) সংগোপনে নিজৰ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থ্যৱান গো-পোৱালী (ভজা) লৈ উপস্থিত হ’ল, info
التفاسير:

external-link copy
27 : 51

فَقَرَّبَهٗۤ اِلَیْهِمْ قَالَ اَلَا تَاْكُلُوْنَ ۟ؗ

তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’? info
التفاسير:

external-link copy
28 : 51

فَاَوْجَسَ مِنْهُمْ خِیْفَةً ؕ— قَالُوْا لَا تَخَفْ ؕ— وَبَشَّرُوْهُ بِغُلٰمٍ عَلِیْمٍ ۟

ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; অৱশেষত তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে। info
التفاسير:

external-link copy
29 : 51

فَاَقْبَلَتِ امْرَاَتُهٗ فِیْ صَرَّةٍ فَصَكَّتْ وَجْهَهَا وَقَالَتْ عَجُوْزٌ عَقِیْمٌ ۟

তেতিয়া তেওঁৰ স্ত্ৰী চিঞৰি চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বন্ধ্যা-বৃদ্ধা (এজনীৰ সন্তান হ’ব কেনেকৈ?)। info
التفاسير:

external-link copy
30 : 51

قَالُوْا كَذٰلِكِ ۙ— قَالَ رَبُّكِ ؕ— اِنَّهٗ هُوَ الْحَكِیْمُ الْعَلِیْمُ ۟

তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’। info
التفاسير: