Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k.

external-link copy
73 : 3

وَلَا تُؤْمِنُوْۤا اِلَّا لِمَنْ تَبِعَ دِیْنَكُمْ ؕ— قُلْ اِنَّ الْهُدٰی هُدَی اللّٰهِ ۙ— اَنْ یُّؤْتٰۤی اَحَدٌ مِّثْلَ مَاۤ اُوْتِیْتُمْ اَوْ یُحَآجُّوْكُمْ عِنْدَ رَبِّكُمْ ؕ— قُلْ اِنَّ الْفَضْلَ بِیَدِ اللّٰهِ ۚ— یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟ۚۙ

সিহঁতে এই কথাও কয়ঃ তোমালোকে কেৱল তাৰেই কথা বিশ্বাস কৰিবা আৰু অনুসৰণ কৰিবা যিজন তোমালোকৰ ধৰ্মৰ অনুসাৰী। হে ৰাছুল! কৈ দিয়ক, সত্যৰ পথ একমাত্ৰ আল্লাহৰ পথ। সত্যৰ পথ, মিছা আৰু অবাধ্যতাৰ পথ নহয় যিটোৰ ওপৰত তোমালোকে আছা। তোমালোকৰ ভয় কেৱল এইটো যে, আন কোনোবাই সেইদৰে অনুগ্ৰহপ্ৰাপ্ত নহওক যিদৰে তোমালোকে প্ৰাপ্ত হৈছা। অথবা তোমালোকৰ ভয় এইটো যে, যদি তোমালোকে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ সত্যতা স্বীকাৰ কৰা তেন্তে সিহঁতে তোমালোকৰ বিৰুদ্ধে আল্লাহৰ সন্মুখত প্ৰমাণ দাঙি ধৰিব। হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় অনুগ্ৰহ কেৱল আল্লাহৰ হাতত, তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। তেওঁৰ দয়া কোনো সম্প্ৰদায় বিশেষ পৰ্যন্ত সীমিত নহয়। নিশ্চয় আল্লাহ অসীম অনুগ্ৰহকাৰী, তেওঁ ভালকৈ জানে কোনে তেওঁৰ অনুগ্ৰহ পোৱাৰ বেছি হকদাৰ।
info
التفاسير:
Šiame puslapyje pateiktų ajų nauda:
• من علماء أهل الكتاب من يخدع أتباع ملتهم، ولا يبين لهم الحق الذي دلت عليه كتبهم، وجاءت به رسلهم.
আহলে কিতাবৰ কিছুমান ধৰ্মগুৰুৱে সিহঁতৰ অনুসাৰীসকলক প্ৰবঞ্চনা কৰে। সিহঁতৰ পুথিত থকা সত্য আৰু সিহঁতৰ ৰাছুলে লৈ অহা সত্যক প্ৰকাশ নকৰে। info

• من وسائل الكفار الدخول في الدين والتشكيك فيه من الداخل.
কাফিৰসকলে ইছলামক ক্ষতি কৰাৰ এটা পদ্ধতি হল, ইছলামত প্ৰৱেশ কৰি ভিতৰৰ পৰা সন্দেহ সৃষ্টি কৰা। info

• الله تعالى هو الوهاب المتفضل، يعطي من يشاء بفضله، ويمنع من يشاء بعدله وحكمته، ولا ينال فضله إلا بطاعته.
আল্লাহেই দাতা আৰু তেওঁ মহাদানশীল। তেওঁ নিজ কৃপাৰে যাক ইচ্ছা কৰে প্ৰদান কৰে আৰু ন্যায় আৰু হিকমতৰ জৰীয়তে যাক ইচ্ছা কৰে বঞ্চিত কৰে। এতেকে তেওঁৰ অনুগ্ৰহ তেওঁৰ আনুগত্য নকৰাকৈ পোৱা টান। info

• كل عِوَضٍ في الدنيا عن الإيمان بالله والوفاء بعهده - وإن كان عظيمًا - فهو قليل حقير أمام ثواب الآخرة ومنازلها.
আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিনিময়ত পৃথিৱীৰ যিকোনো মূল্য প্ৰাপ্ত হওঁক সেয়া যিমানেই ডাঙৰ নহওঁক কিয়, আখিৰাতৰ প্ৰতিদান আৰু মৰ্যদাৰ তুলনাত একো নহয়। info