وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئاسامی - رفيق الإسلام حبيب الرحمن

আল-লাইল

external-link copy
1 : 92

وَالَّیْلِ اِذَا یَغْشٰی ۟ۙ

শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে, info
التفاسير:

external-link copy
2 : 92

وَالنَّهَارِ اِذَا تَجَلّٰی ۟ۙ

শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়, info
التفاسير:

external-link copy
3 : 92

وَمَا خَلَقَ الذَّكَرَ وَالْاُ ۟ۙ

আৰু শপত সেই সত্ত্বাৰ, যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে। info
التفاسير:

external-link copy
4 : 92

اِنَّ سَعْیَكُمْ لَشَتّٰی ۟ؕ

নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ। info
التفاسير:

external-link copy
5 : 92

فَاَمَّا مَنْ اَعْطٰی وَاتَّقٰی ۟ۙ

এতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে, info
التفاسير:

external-link copy
6 : 92

وَصَدَّقَ بِالْحُسْنٰی ۟ۙ

লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে, info
التفاسير:

external-link copy
7 : 92

فَسَنُیَسِّرُهٗ لِلْیُسْرٰی ۟ؕ

শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ। info
التفاسير:

external-link copy
8 : 92

وَاَمَّا مَنْ بَخِلَ وَاسْتَغْنٰی ۟ۙ

আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ংসম্পূৰ্ণ বুলি ভাবে, info
التفاسير:

external-link copy
9 : 92

وَكَذَّبَ بِالْحُسْنٰی ۟ۙ

লগতে যি উত্তম তাক অস্বীকাৰ কৰে, info
التفاسير:

external-link copy
10 : 92

فَسَنُیَسِّرُهٗ لِلْعُسْرٰی ۟ؕ

শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জাহান্নামৰ) কঠিন পৰিণামৰ পথ। info
التفاسير:

external-link copy
11 : 92

وَمَا یُغْنِیْ عَنْهُ مَالُهٗۤ اِذَا تَرَدّٰی ۟ؕ

যেতিয়া সি ধ্বংস হ’ব, তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব। info
التفاسير:

external-link copy
12 : 92

اِنَّ عَلَیْنَا لَلْهُدٰی ۟ؗۖ

নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য। info
التفاسير:

external-link copy
13 : 92

وَاِنَّ لَنَا لَلْاٰخِرَةَ وَالْاُوْلٰی ۟

নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক। info
التفاسير:

external-link copy
14 : 92

فَاَنْذَرْتُكُمْ نَارًا تَلَظّٰی ۟ۚ

এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছোঁ। info
التفاسير:

external-link copy
15 : 92

لَا یَصْلٰىهَاۤ اِلَّا الْاَشْقَی ۟ۙ

তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি, যিজন হ’ব চৰম দুৰ্ভগীয়া, info
التفاسير:

external-link copy
16 : 92

الَّذِیْ كَذَّبَ وَتَوَلّٰی ۟ؕ

যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে। info
التفاسير:

external-link copy
17 : 92

وَسَیُجَنَّبُهَا الْاَتْقَی ۟ۙ

আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক, info
التفاسير:

external-link copy
18 : 92

الَّذِیْ یُؤْتِیْ مَالَهٗ یَتَزَكّٰی ۟ۚ

যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে, info
التفاسير:

external-link copy
19 : 92

وَمَا لِاَحَدٍ عِنْدَهٗ مِنْ نِّعْمَةٍ تُجْزٰۤی ۟ۙ

আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব, info
التفاسير:

external-link copy
20 : 92

اِلَّا ابْتِغَآءَ وَجْهِ رَبِّهِ الْاَعْلٰی ۟ۚ

কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত; info
التفاسير:

external-link copy
21 : 92

وَلَسَوْفَ یَرْضٰی ۟۠

আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব। info
التفاسير: