وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئاسامی - رفيق الإسلام حبيب الرحمن

নূহ

external-link copy
1 : 71

اِنَّاۤ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖۤ اَنْ اَنْذِرْ قَوْمَكَ مِنْ قَبْلِ اَنْ یَّاْتِیَهُمْ عَذَابٌ اَلِیْمٌ ۟

নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশসহ প্ৰেৰণ কৰিছিলোঁ যে, ‘সিহঁতৰ ওচৰলৈ যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তুমি সিহঁতক সতৰ্ক কৰি দিয়া’। info
التفاسير:

external-link copy
2 : 71

قَالَ یٰقَوْمِ اِنِّیْ لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۙ

তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে স্পষ্ট সতৰ্ককাৰী-- info
التفاسير:

external-link copy
3 : 71

اَنِ اعْبُدُوا اللّٰهَ وَاتَّقُوْهُ وَاَطِیْعُوْنِ ۟ۙ

‘এই বিষয়ে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু মোৰ আনুগত্য কৰা; info
التفاسير:

external-link copy
4 : 71

یَغْفِرْ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُؤَخِّرْكُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ؕ— اِنَّ اَجَلَ اللّٰهِ اِذَا جَآءَ لَا یُؤَخَّرُ ۘ— لَوْ كُنْتُمْ تَعْلَمُوْنَ ۟

তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব। নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় উপস্থিত হ’লে সেয়া (কেতিয়াও) বিলম্ব কৰা নহয়; যদি তোমালোকে এইটো জানিলাহেঁতেন!’ info
التفاسير:

external-link copy
5 : 71

قَالَ رَبِّ اِنِّیْ دَعَوْتُ قَوْمِیْ لَیْلًا وَّنَهَارًا ۟ۙ

তেওঁ কৈছিল, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতিয়ে আহ্বান কৰিছোঁ, info
التفاسير:

external-link copy
6 : 71

فَلَمْ یَزِدْهُمْ دُعَآءِیْۤ اِلَّا فِرَارًا ۟

‘কিন্তু মোৰ আহ্বানে সিহঁতৰ পলায়ন-প্ৰৱণতাহে বৃদ্ধি কৰিছে’। info
التفاسير:

external-link copy
7 : 71

وَاِنِّیْ كُلَّمَا دَعَوْتُهُمْ لِتَغْفِرَ لَهُمْ جَعَلُوْۤا اَصَابِعَهُمْ فِیْۤ اٰذَانِهِمْ وَاسْتَغْشَوْا ثِیَابَهُمْ وَاَصَرُّوْا وَاسْتَكْبَرُوا اسْتِكْبَارًا ۟ۚ

আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছোঁ যাতে তুমি সিহঁতক ক্ষমা কৰা, সিহঁতে নিজৰ কাণত আঙুলিৰে সোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে, আৰু আঁকোৰগোজ হৈছে লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে। info
التفاسير:

external-link copy
8 : 71

ثُمَّ اِنِّیْ دَعَوْتُهُمْ جِهَارًا ۟ۙ

‘তাৰ পিছতো মই সিহঁতক উচ্চস্বৰে আহ্বান কৰিছোঁ, info
التفاسير:

external-link copy
9 : 71

ثُمَّ اِنِّیْۤ اَعْلَنْتُ لَهُمْ وَاَسْرَرْتُ لَهُمْ اِسْرَارًا ۟ۙ

‘আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছোঁ’। info
التفاسير:

external-link copy
10 : 71

فَقُلْتُ اسْتَغْفِرُوْا رَبَّكُمْ ۫— اِنَّهٗ كَانَ غَفَّارًا ۟ۙ

আৰু কৈছোঁ, তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তেওঁ মহা ক্ষমাশীল, info
التفاسير:

external-link copy
11 : 71

یُّرْسِلِ السَّمَآءَ عَلَیْكُمْ مِّدْرَارًا ۟ۙ

তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ অৱতীৰ্ণ কৰিব, info
التفاسير:

external-link copy
12 : 71

وَّیُمْدِدْكُمْ بِاَمْوَالٍ وَّبَنِیْنَ وَیَجْعَلْ لَّكُمْ جَنّٰتٍ وَّیَجْعَلْ لَّكُمْ اَنْهٰرًا ۟ؕ

‘আৰু তেওঁ তোমালোকক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ-নদী প্ৰবাহিত কৰিব। info
التفاسير:

external-link copy
13 : 71

مَا لَكُمْ لَا تَرْجُوْنَ لِلّٰهِ وَقَارًا ۟ۚ

তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়? info
التفاسير:

external-link copy
14 : 71

وَقَدْ خَلَقَكُمْ اَطْوَارًا ۟

‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে। info
التفاسير:

external-link copy
15 : 71

اَلَمْ تَرَوْا كَیْفَ خَلَقَ اللّٰهُ سَبْعَ سَمٰوٰتٍ طِبَاقًا ۟ۙ

তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে? info
التفاسير:

external-link copy
16 : 71

وَّجَعَلَ الْقَمَرَ فِیْهِنَّ نُوْرًا وَّجَعَلَ الشَّمْسَ سِرَاجًا ۟

আৰু তাত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ। info
التفاسير:

external-link copy
17 : 71

وَاللّٰهُ اَنْۢبَتَكُمْ مِّنَ الْاَرْضِ نَبَاتًا ۟ۙ

‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে, info
التفاسير:

external-link copy
18 : 71

ثُمَّ یُعِیْدُكُمْ فِیْهَا وَیُخْرِجُكُمْ اِخْرَاجًا ۟

‘তাৰ পিছত তেৱেঁই তোমালোকক তালৈকে ওভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব, info
التفاسير:

external-link copy
19 : 71

وَاللّٰهُ جَعَلَ لَكُمُ الْاَرْضَ بِسَاطًا ۟ۙ

‘আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে, info
التفاسير:

external-link copy
20 : 71

لِّتَسْلُكُوْا مِنْهَا سُبُلًا فِجَاجًا ۟۠

‘যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা’। info
التفاسير:

external-link copy
21 : 71

قَالَ نُوْحٌ رَّبِّ اِنَّهُمْ عَصَوْنِیْ وَاتَّبَعُوْا مَنْ لَّمْ یَزِدْهُ مَالُهٗ وَوَلَدُهٗۤ اِلَّا خَسَارًا ۟ۚ

নুহে কৈছিল, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’। info
التفاسير:

external-link copy
22 : 71

وَمَكَرُوْا مَكْرًا كُبَّارًا ۟ۚ

আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে; info
التفاسير:

external-link copy
23 : 71

وَقَالُوْا لَا تَذَرُنَّ اٰلِهَتَكُمْ وَلَا تَذَرُنَّ وَدًّا وَّلَا سُوَاعًا ۙ۬— وَّلَا یَغُوْثَ وَیَعُوْقَ وَنَسْرًا ۟ۚ

আৰু সিহঁতে কয়, ‘তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যবোৰক বৰ্জন নকৰিবা; লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক’। info
التفاسير:

external-link copy
24 : 71

وَقَدْ اَضَلُّوْا كَثِیْرًا ۚ۬— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا ضَلٰلًا ۟

‘নিশ্চয় সিহঁতে বহুলোকক পথভ্ৰষ্ট কৰিছে, আৰু (হে আল্লাহ) তুমি যালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’। info
التفاسير:

external-link copy
25 : 71

مِمَّا خَطِیْٓـٰٔتِهِمْ اُغْرِقُوْا فَاُدْخِلُوْا نَارًا ۙ۬— فَلَمْ یَجِدُوْا لَهُمْ مِّنْ دُوْنِ اللّٰهِ اَنْصَارًا ۟

(ফলত) সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ’ল, তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ’ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল। info
التفاسير:

external-link copy
26 : 71

وَقَالَ نُوْحٌ رَّبِّ لَا تَذَرْ عَلَی الْاَرْضِ مِنَ الْكٰفِرِیْنَ دَیَّارًا ۟

নুহে আৰু কৈছিল, ‘হে মোৰ প্ৰতিপালক! পৃথিৱীৰ বুকুত কাফিৰসকলৰ এটা গৃহও অৱশিষ্ট নাৰাখিবা। info
التفاسير:

external-link copy
27 : 71

اِنَّكَ اِنْ تَذَرْهُمْ یُضِلُّوْا عِبَادَكَ وَلَا یَلِدُوْۤا اِلَّا فَاجِرًا كَفَّارًا ۟

‘যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী কাফিৰকহে জন্ম দিব। info
التفاسير:

external-link copy
28 : 71

رَبِّ اغْفِرْ لِیْ وَلِوَالِدَیَّ وَلِمَنْ دَخَلَ بَیْتِیَ مُؤْمِنًا وَّلِلْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا تَبَارًا ۟۠

হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক, লগতে যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিছে তাক, আৰু মুমিন পুৰুষ তথা মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’। info
التفاسير: