وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئاسامی - رفيق الإسلام حبيب الرحمن

আল-মাআৰিজ

external-link copy
1 : 70

سَاَلَ سَآىِٕلٌۢ بِعَذَابٍ وَّاقِعٍ ۟ۙ

আবেদনকাৰীয়ে আবেদন কৰিলে, সংঘটিত হওক অৱধাৰিত শাস্তি- info
التفاسير:

external-link copy
2 : 70

لِّلْكٰفِرِیْنَ لَیْسَ لَهٗ دَافِعٌ ۟ۙ

কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই। info
التفاسير:

external-link copy
3 : 70

مِّنَ اللّٰهِ ذِی الْمَعَارِجِ ۟ؕ

এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী, info
التفاسير:

external-link copy
4 : 70

تَعْرُجُ الْمَلٰٓىِٕكَةُ وَالرُّوْحُ اِلَیْهِ فِیْ یَوْمٍ كَانَ مِقْدَارُهٗ خَمْسِیْنَ اَلْفَ سَنَةٍ ۟ۚ

ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ। info
التفاسير:

external-link copy
5 : 70

فَاصْبِرْ صَبْرًا جَمِیْلًا ۟

এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য। info
التفاسير:

external-link copy
6 : 70

اِنَّهُمْ یَرَوْنَهٗ بَعِیْدًا ۟ۙ

নিশ্চয় সিহঁতে এই দিৱসটোক বহু দূৰত থকা বুলি ভাবে। info
التفاسير:

external-link copy
7 : 70

وَّنَرٰىهُ قَرِیْبًا ۟ؕ

আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছোঁ। info
التفاسير:

external-link copy
8 : 70

یَوْمَ تَكُوْنُ السَّمَآءُ كَالْمُهْلِ ۟ۙ

সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে, info
التفاسير:

external-link copy
9 : 70

وَتَكُوْنُ الْجِبَالُ كَالْعِهْنِ ۟ۙ

আৰু পৰ্বতসমূহ হৈ যাব ৰং-বিৰঙৰ ঊণৰ দৰে, info
التفاسير:

external-link copy
10 : 70

وَلَا یَسْـَٔلُ حَمِیْمٌ حَمِیْمًا ۟ۚۖ

আৰু কোনো অন্তৰঙ্গ বন্ধুৱেও অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব, info
التفاسير: