وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئاسامی - رفيق الإسلام حبيب الرحمن

ژمارەی پەڕە:close

external-link copy
84 : 26

وَاجْعَلْ لِّیْ لِسَانَ صِدْقٍ فِی الْاٰخِرِیْنَ ۟ۙ

‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা, info
التفاسير:

external-link copy
85 : 26

وَاجْعَلْنِیْ مِنْ وَّرَثَةِ جَنَّةِ النَّعِیْمِ ۟ۙ

‘আৰু মোক সুখময় জান্নাতৰ উত্তৰাধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা, info
التفاسير:

external-link copy
86 : 26

وَاغْفِرْ لِاَبِیْۤ اِنَّهٗ كَانَ مِنَ الضَّآلِّیْنَ ۟ۙ

‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল। info
التفاسير:

external-link copy
87 : 26

وَلَا تُخْزِنِیْ یَوْمَ یُبْعَثُوْنَ ۟ۙ

‘আৰু (হে মোৰ প্ৰতিপালক!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা। info
التفاسير:

external-link copy
88 : 26

یَوْمَ لَا یَنْفَعُ مَالٌ وَّلَا بَنُوْنَ ۟ۙ

‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব; info
التفاسير:

external-link copy
89 : 26

اِلَّا مَنْ اَتَی اللّٰهَ بِقَلْبٍ سَلِیْمٍ ۟ؕ

‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’। info
التفاسير:

external-link copy
90 : 26

وَاُزْلِفَتِ الْجَنَّةُ لِلْمُتَّقِیْنَ ۟ۙ

আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত, info
التفاسير:

external-link copy
91 : 26

وَبُرِّزَتِ الْجَحِیْمُ لِلْغٰوِیْنَ ۟ۙ

আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম; info
التفاسير:

external-link copy
92 : 26

وَقِیْلَ لَهُمْ اَیْنَ مَا كُنْتُمْ تَعْبُدُوْنَ ۟ۙ

সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য (আজি) ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা-- info
التفاسير:

external-link copy
93 : 26

مِنْ دُوْنِ اللّٰهِ ؕ— هَلْ یَنْصُرُوْنَكُمْ اَوْ یَنْتَصِرُوْنَ ۟ؕ

আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিবনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষমনে? info
التفاسير:

external-link copy
94 : 26

فَكُبْكِبُوْا فِیْهَا هُمْ وَالْغَاوٗنَ ۟ۙ

তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব, info
التفاسير:

external-link copy
95 : 26

وَجُنُوْدُ اِبْلِیْسَ اَجْمَعُوْنَ ۟ؕ

লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো। info
التفاسير:

external-link copy
96 : 26

قَالُوْا وَهُمْ فِیْهَا یَخْتَصِمُوْنَ ۟ۙ

সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব, info
التفاسير:

external-link copy
97 : 26

تَاللّٰهِ اِنْ كُنَّا لَفِیْ ضَلٰلٍ مُّبِیْنٍ ۟ۙ

‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলোঁ, info
التفاسير:

external-link copy
98 : 26

اِذْ نُسَوِّیْكُمْ بِرَبِّ الْعٰلَمِیْنَ ۟

‘যেতিয়া আমি তোমালোকক বিশ্বজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলোঁ; info
التفاسير:

external-link copy
99 : 26

وَمَاۤ اَضَلَّنَاۤ اِلَّا الْمُجْرِمُوْنَ ۟

‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল, info
التفاسير:

external-link copy
100 : 26

فَمَا لَنَا مِنْ شَافِعِیْنَ ۟ۙ

‘এতেকে আমাৰ কোনো চুপাৰিছকাৰী নাই’। info
التفاسير:

external-link copy
101 : 26

وَلَا صَدِیْقٍ حَمِیْمٍ ۟

‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই। info
التفاسير:

external-link copy
102 : 26

فَلَوْ اَنَّ لَنَا كَرَّةً فَنَكُوْنَ مِنَ الْمُؤْمِنِیْنَ ۟

‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোঁহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোঁহেঁতেন!’ info
التفاسير:

external-link copy
103 : 26

اِنَّ فِیْ ذٰلِكَ لَاٰیَةً ؕ— وَمَا كَانَ اَكْثَرُهُمْ مُّؤْمِنِیْنَ ۟

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। info
التفاسير:

external-link copy
104 : 26

وَاِنَّ رَبَّكَ لَهُوَ الْعَزِیْزُ الرَّحِیْمُ ۟۠

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। info
التفاسير:

external-link copy
105 : 26

كَذَّبَتْ قَوْمُ نُوْحِ ١لْمُرْسَلِیْنَ ۟ۚۖ

নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল। info
التفاسير:

external-link copy
106 : 26

اِذْ قَالَ لَهُمْ اَخُوْهُمْ نُوْحٌ اَلَا تَتَّقُوْنَ ۟ۚ

যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’? info
التفاسير:

external-link copy
107 : 26

اِنِّیْ لَكُمْ رَسُوْلٌ اَمِیْنٌ ۟ۙ

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। info
التفاسير:

external-link copy
108 : 26

فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟ۚ

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। info
التفاسير:

external-link copy
109 : 26

وَمَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مِنْ اَجْرٍ ۚ— اِنْ اَجْرِیَ اِلَّا عَلٰی رَبِّ الْعٰلَمِیْنَ ۟ۚ

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত। info
التفاسير:

external-link copy
110 : 26

فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟ؕ

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। info
التفاسير:

external-link copy
111 : 26

قَالُوْۤا اَنُؤْمِنُ لَكَ وَاتَّبَعَكَ الْاَرْذَلُوْنَ ۟ؕ

সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি, অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ লোকেহে অনুসৰণ কৰিছে’? info
التفاسير: