وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئەسامیە بۆ پوختەى تەفسیری قورئانی پیرۆز.

আৰ-ৰহমান

لە مەبەستەکانی سورەتەکە:
تذكير الجن والإنس بنعم الله الباطنة والظاهرة، وآثار رحمته في الدنيا والآخرة.
আল্লাহৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য নিয়ামতসমূহ সম্পৰ্কে জিন আৰু মানৱক অৱগত কৰোৱা, লগতে পৃথিৱী আৰু আখিৰাতত তেওঁৰ ৰহমতৰ যি প্ৰভাৱ আছে সেইটো অৱগত কৰোৱা। info

external-link copy
1 : 55

اَلرَّحْمٰنُ ۟ۙ

কৰুণাময়, যিজন প্রশস্ত দয়াৰ অধিকাৰী। info
التفاسير:

external-link copy
2 : 55

عَلَّمَ الْقُرْاٰنَ ۟ؕ

তেৱেঁই মানুহৰ বাবে সহজ কৰি দিছে কোৰআন মুখস্থ কৰা আৰু ইয়াৰ অর্থ অনুধাৱন কৰা। info
التفاسير:

external-link copy
3 : 55

خَلَقَ الْاِنْسَانَ ۟ۙ

তেৱেঁই মানুহক পূর্ণাঙ্গ ৰূপে আৰু অতি সুন্দৰ সৌষ্ঠৱত সৃষ্টি কৰিছে। info
التفاسير:

external-link copy
4 : 55

عَلَّمَهُ الْبَیَانَ ۟

তেৱেঁই মানুহক কথা আৰু লিখাৰ মাধ্যমত মনৰ ভাৱ প্রকাশ কৰাৰ পদ্ধতি শিকাইছে। info
التفاسير:

external-link copy
5 : 55

اَلشَّمْسُ وَالْقَمَرُ بِحُسْبَانٍ ۟ۙ

তেৱেঁই সূর্য্য আৰু চন্দ্রক নির্ধাৰণ কৰিছে। উভয়ে নিপুণভাৱে পৰিচালিত। যাতে মানুহে বছৰৰ সংখ্যা আৰু হিচাপ ৰাখিব পাৰে। info
التفاسير:

external-link copy
6 : 55

وَّالنَّجْمُ وَالشَّجَرُ یَسْجُدٰنِ ۟

কাণ্ডহীন তৃণলতা আৰু বৃক্ষৰাজি উভয়েই মহান আল্লাহৰ উদ্দেশ্যে অনুগত আৰু অবনমিত হৈ ছাজদাহ কৰে। info
التفاسير:

external-link copy
7 : 55

وَالسَّمَآءَ رَفَعَهَا وَوَضَعَ الْمِیْزَانَ ۟ۙ

তেৱেঁই আকাশক পৃথিৱীৰ ওপৰত চাদ হিচাপে উত্থিত কৰিছে। লগতে পৃথিৱীত ন্যায় বিচাৰ স্থাপন কৰিছে আৰু বান্দাসকলক এই বিষয়ে নির্দেশও দিছে। info
التفاسير:

external-link copy
8 : 55

اَلَّا تَطْغَوْا فِی الْمِیْزَانِ ۟

তেওঁ ন্যায় বিচাৰ স্থাপন কৰিছে এইকাৰণে যে, হে মানৱ সমাজ! যাতে তোমালোকে অবিচাৰ কৰিব নোৱাৰা। লগতে যাতে ওজন আৰু মাপত তোমালোকে খিয়ানত কৰিব নোৱাৰা। info
التفاسير:

external-link copy
9 : 55

وَاَقِیْمُوا الْوَزْنَ بِالْقِسْطِ وَلَا تُخْسِرُوا الْمِیْزَانَ ۟

তোমালোকে পৰস্পৰৰ মাজত ওজন কৰি দিয়াৰ সময়ত ন্যায় প্ৰতিষ্ঠা কৰিবা, আনক ওজন কৰি দিওঁতে কমকৈ নিদিবা। info
التفاسير:

external-link copy
10 : 55

وَالْاَرْضَ وَضَعَهَا لِلْاَنَامِ ۟ۙ

তেৱেঁই সৃষ্টিৰ স্থিৰতাৰ উদ্দেশ্যে পৃথিৱীক বসবাস উপযোগী হিচাপে স্থাপন কৰিছে। info
التفاسير:

external-link copy
11 : 55

فِیْهَا فَاكِهَةٌ وَّالنَّخْلُ ذَاتُ الْاَكْمَامِ ۟ۖ

য’ত আছে ফলদায়ক বৃক্ষৰাজি আৰু শাখা বিশিষ্ট খেজুৰ গছ, য’ত জোকা জোকা খেজুৰ ফলে। info
التفاسير:

external-link copy
12 : 55

وَالْحَبُّ ذُو الْعَصْفِ وَالرَّیْحَانُ ۟ۚ

লগতে তাত আছে বাকলিযুক্ত শস্য যেনেঃ গম আৰু জৱ আদি, আৰু আছে সুগন্ধিযুক্ত তৃণলতা। info
التفاسير:

external-link copy
13 : 55

فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟

হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? info
التفاسير:

external-link copy
14 : 55

خَلَقَ الْاِنْسَانَ مِنْ صَلْصَالٍ كَالْفَخَّارِ ۟ۙ

তেৱেঁই আদম (আলাইহিচ্ছালাম)ক পোৰা মাটি সদৃশ ঠনঠনীয়া শুকান মাটিৰে সৃষ্টি কৰিছে। info
التفاسير:

external-link copy
15 : 55

وَخَلَقَ الْجَآنَّ مِنْ مَّارِجٍ مِّنْ نَّارٍ ۟ۚ

আৰু জিনসকলৰ পিতাক ধোঁৱাবিহীন লেলিহান অগ্নিশিখাৰে সৃষ্টি কৰিছে। info
التفاسير:

external-link copy
16 : 55

فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟

হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? info
التفاسير:

external-link copy
17 : 55

رَبُّ الْمَشْرِقَیْنِ وَرَبُّ الْمَغْرِبَیْنِ ۟ۚ

তেৱেঁই শীত আৰু গ্রীষ্মকালত সূর্যৰ দুয়ো উদয়াচল আৰু দুয়ো অস্তাচলৰ প্ৰতিপালক। info
التفاسير:

external-link copy
18 : 55

فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟

হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? info
التفاسير:
سوودەکانی ئایەتەکان لەم پەڕەیەدا:
• كتابة الأعمال صغيرها وكبيرها في صحائف الأعمال.
সৰু-বৰ সকলো কৰ্ম আমলনামাত লিপিবদ্ধ থাকিব। info

• ابتداء الرحمن بذكر نعمه بالقرآن دلالة على شرف القرآن وعظم منته على الخلق به.
দয়াময় আল্লাহে তেওঁৰ নিয়ামতসমূহ উল্লেখ কৰাৰ পূৰ্বে কোৰআনৰ বিষয়ে আলোচনা কৰিছে, এই বিষয়টোৱে কোৰআনৰ মর্যাদা প্ৰমাণ কৰে আৰু ইয়াৰ দ্বাৰা যে সৃষ্টিজগতৰ প্ৰতি মহা অনুগ্রহ কৰা হৈছে সেইটোকে প্রমাণ কৰে। info

• مكانة العدل في الإسلام.
ইছলামত ন্যায় বিচাৰৰ আসন হৈছে সুউচ্চ। info

• نعم الله تقتضي منا العرفان بها وشكرها، لا التكذيب بها وكفرها.
আল্লাহৰ নিয়ামতসমূহে আমাৰ পৰা স্বীকৃতি আৰু কৃতজ্ঞতা দাবী কৰে। সেইবোৰক অস্বীকাৰ কৰা অথবা কুফৰী কৰাৰ অৱকাশ নাই। info