ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

លេខ​ទំព័រ:close

external-link copy
55 : 36

اِنَّ اَصْحٰبَ الْجَنَّةِ الْیَوْمَ فِیْ شُغُلٍ فٰكِهُوْنَ ۟ۚ

নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত ব্যস্ত থাকিব, info
التفاسير:

external-link copy
56 : 36

هُمْ وَاَزْوَاجُهُمْ فِیْ ظِلٰلٍ عَلَی الْاَرَآىِٕكِ مُتَّكِـُٔوْنَ ۟ۚ

তেওঁলোক আৰু তেওঁলোকৰ স্ত্ৰীসকলে সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব। info
التفاسير:

external-link copy
57 : 36

لَهُمْ فِیْهَا فَاكِهَةٌ وَّلَهُمْ مَّا یَدَّعُوْنَ ۟ۚ

তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব, info
التفاسير:

external-link copy
58 : 36

سَلٰمٌ ۫— قَوْلًا مِّنْ رَّبٍّ رَّحِیْمٍ ۟

অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)। info
التفاسير:

external-link copy
59 : 36

وَامْتَازُوا الْیَوْمَ اَیُّهَا الْمُجْرِمُوْنَ ۟

আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’। info
التفاسير:

external-link copy
60 : 36

اَلَمْ اَعْهَدْ اِلَیْكُمْ یٰبَنِیْۤ اٰدَمَ اَنْ لَّا تَعْبُدُوا الشَّیْطٰنَ ۚ— اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟ۙ

হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোঁনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু? info
التفاسير:

external-link copy
61 : 36

وَّاَنِ اعْبُدُوْنِیْ ؔؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟

আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ। info
التفاسير:

external-link copy
62 : 36

وَلَقَدْ اَضَلَّ مِنْكُمْ جِبِلًّا كَثِیْرًا ؕ— اَفَلَمْ تَكُوْنُوْا تَعْقِلُوْنَ ۟

আৰু নিশ্চয় চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে? info
التفاسير:

external-link copy
63 : 36

هٰذِهٖ جَهَنَّمُ الَّتِیْ كُنْتُمْ تُوْعَدُوْنَ ۟

এইখনেই হৈছে সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। info
التفاسير:

external-link copy
64 : 36

اِصْلَوْهَا الْیَوْمَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ۟

আজি তোমালোকে ইয়াত দগ্ধ হোৱা, কিয়নো তোমালোকে কুফৰী কৰিছিলা। info
التفاسير:

external-link copy
65 : 36

اَلْیَوْمَ نَخْتِمُ عَلٰۤی اَفْوَاهِهِمْ وَتُكَلِّمُنَاۤ اَیْدِیْهِمْ وَتَشْهَدُ اَرْجُلُهُمْ بِمَا كَانُوْا یَكْسِبُوْنَ ۟

আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ। info
التفاسير:

external-link copy
66 : 36

وَلَوْ نَشَآءُ لَطَمَسْنَا عَلٰۤی اَعْیُنِهِمْ فَاسْتَبَقُوا الصِّرَاطَ فَاَنّٰی یُبْصِرُوْنَ ۟

আৰু আমি ইচ্ছা কৰিলে নিশ্চয় সিহঁতৰ চকুবোৰক লোপ কৰি দিলোঁহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰি ফুৰিলেও (কোনো কামত নাহিব), কাৰণ কেনেকৈনো দেখা পাব! info
التفاسير:

external-link copy
67 : 36

وَلَوْ نَشَآءُ لَمَسَخْنٰهُمْ عَلٰی مَكَانَتِهِمْ فَمَا اسْتَطَاعُوْا مُضِیًّا وَّلَا یَرْجِعُوْنَ ۟۠

আৰু আমি ইচ্ছা কৰিলে সিহঁতক সিহঁতৰ নিজ নিজ স্থানতে আকৃতি পৰিবৰ্তন কৰি দিব পাৰিলোঁহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন। info
التفاسير:

external-link copy
68 : 36

وَمَنْ نُّعَمِّرْهُ نُنَكِّسْهُ فِی الْخَلْقِ ؕ— اَفَلَا یَعْقِلُوْنَ ۟

আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰোঁ, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে? info
التفاسير:

external-link copy
69 : 36

وَمَا عَلَّمْنٰهُ الشِّعْرَ وَمَا یَنْۢبَغِیْ لَهٗ ؕ— اِنْ هُوَ اِلَّا ذِكْرٌ وَّقُرْاٰنٌ مُّبِیْنٌ ۟ۙ

আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইখন হৈছে কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন; info
التفاسير:

external-link copy
70 : 36

لِّیُنْذِرَ مَنْ كَانَ حَیًّا وَّیَحِقَّ الْقَوْلُ عَلَی الْكٰفِرِیْنَ ۟

যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে, লগতে কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়। info
التفاسير: