ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

លេខ​ទំព័រ:close

external-link copy
41 : 36

وَاٰیَةٌ لَّهُمْ اَنَّا حَمَلْنَا ذُرِّیَّتَهُمْ فِی الْفُلْكِ الْمَشْحُوْنِ ۟ۙ

সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক ভৰ্তি নৌযানত আৰোহণ কৰোৱাইছিলোঁ; info
التفاسير:

external-link copy
42 : 36

وَخَلَقْنَا لَهُمْ مِّنْ مِّثْلِهٖ مَا یَرْكَبُوْنَ ۟

আৰু সিহঁতৰ বাবেও অনুৰূপ যানবাহন সৃষ্টি কৰিছোঁ যাতে সিহঁতে আৰোহণ কৰে। info
التفاسير:

external-link copy
43 : 36

وَاِنْ نَّشَاْ نُغْرِقْهُمْ فَلَا صَرِیْخَ لَهُمْ وَلَا هُمْ یُنْقَذُوْنَ ۟ۙ

আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰোঁ, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব, info
التفاسير:

external-link copy
44 : 36

اِلَّا رَحْمَةً مِّنَّا وَمَتَاعًا اِلٰی حِیْنٍ ۟

একমাত্ৰ আমাৰ কৰুণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়। info
التفاسير:

external-link copy
45 : 36

وَاِذَا قِیْلَ لَهُمُ اتَّقُوْا مَا بَیْنَ اَیْدِیْكُمْ وَمَا خَلْفَكُمْ لَعَلَّكُمْ تُرْحَمُوْنَ ۟

আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাক্বৱা অৱলম্বন কৰা; যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষিত হয়’, info
التفاسير:

external-link copy
46 : 36

وَمَا تَاْتِیْهِمْ مِّنْ اٰیَةٍ مِّنْ اٰیٰتِ رَبِّهِمْ اِلَّا كَانُوْا عَنْهَا مُعْرِضِیْنَ ۟

আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়। info
التفاسير:

external-link copy
47 : 36

وَاِذَا قِیْلَ لَهُمْ اَنْفِقُوْا مِمَّا رَزَقَكُمُ اللّٰهُ ۙ— قَالَ الَّذِیْنَ كَفَرُوْا لِلَّذِیْنَ اٰمَنُوْۤا اَنُطْعِمُ مَنْ لَّوْ یَشَآءُ اللّٰهُ اَطْعَمَهٗۤ ۖۗ— اِنْ اَنْتُمْ اِلَّا فِیْ ضَلٰلٍ مُّبِیْنٍ ۟

আৰু যেতিয়া সিহঁতক কোৱা হয় যে, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’। info
التفاسير:

external-link copy
48 : 36

وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব’? info
التفاسير:

external-link copy
49 : 36

مَا یَنْظُرُوْنَ اِلَّا صَیْحَةً وَّاحِدَةً تَاْخُذُهُمْ وَهُمْ یَخِصِّمُوْنَ ۟

সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাতহে আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাতে আক্ৰমণ কৰিব। info
التفاسير:

external-link copy
50 : 36

فَلَا یَسْتَطِیْعُوْنَ تَوْصِیَةً وَّلَاۤ اِلٰۤی اَهْلِهِمْ یَرْجِعُوْنَ ۟۠

তেতিয়া সিহঁতে অছিয়ত কৰাৰো সামৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকেও উভতি আহিব নোৱাৰিব। info
التفاسير:

external-link copy
51 : 36

وَنُفِخَ فِی الصُّوْرِ فَاِذَا هُمْ مِّنَ الْاَجْدَاثِ اِلٰی رَبِّهِمْ یَنْسِلُوْنَ ۟

আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়া সিহঁতে তৎক্ষণাত কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে লৰ মাৰিব। info
التفاسير:

external-link copy
52 : 36

قَالُوْا یٰوَیْلَنَا مَنْ بَعَثَنَا مِنْ مَّرْقَدِنَا ۣٚۘ— هٰذَا مَا وَعَدَ الرَّحْمٰنُ وَصَدَقَ الْمُرْسَلُوْنَ ۟

সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই দেখোন প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও দেখোন সত্য কথাহে কৈছিল’। info
التفاسير:

external-link copy
53 : 36

اِنْ كَانَتْ اِلَّا صَیْحَةً وَّاحِدَةً فَاِذَا هُمْ جَمِیْعٌ لَّدَیْنَا مُحْضَرُوْنَ ۟

এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত, info
التفاسير:

external-link copy
54 : 36

فَالْیَوْمَ لَا تُظْلَمُ نَفْسٌ شَیْـًٔا وَّلَا تُجْزَوْنَ اِلَّا مَا كُنْتُمْ تَعْمَلُوْنَ ۟

এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহ'ব আৰু তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব। info
التفاسير: