クルアーンの対訳 - アッサム語対訳 - Rafiqul-Islam Habib Ar-Rahman

external-link copy
57 : 7

وَهُوَ الَّذِیْ یُرْسِلُ الرِّیٰحَ بُشْرًاۢ بَیْنَ یَدَیْ رَحْمَتِهٖ ؕ— حَتّٰۤی اِذَاۤ اَقَلَّتْ سَحَابًا ثِقَالًا سُقْنٰهُ لِبَلَدٍ مَّیِّتٍ فَاَنْزَلْنَا بِهِ الْمَآءَ فَاَخْرَجْنَا بِهٖ مِنْ كُلِّ الثَّمَرٰتِ ؕ— كَذٰلِكَ نُخْرِجُ الْمَوْتٰی لَعَلَّكُمْ تَذَكَّرُوْنَ ۟

আৰু তেৱেঁই সেই সত্ত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত বতাহক সুসংবাদৰূপে প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰি লৈ আহে, তেতিয়া আমি সেইটোক মৃত জনপদ (মৃত ভূ-খণ্ড)ৰ ফালে প্ৰেৰিত কৰোঁ, তাৰ পিছত আমি তাৰ পৰাই পানী বৰ্ষণ কৰোঁ, আৰু তাৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ ফলমূল উৎপাদন কৰোঁ। এইদৰেই আমি মৃতসকলক জীৱিত কৰোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰিব পাৰা। info
التفاسير: