クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
10 : 67

وَقَالُوْا لَوْ كُنَّا نَسْمَعُ اَوْ نَعْقِلُ مَا كُنَّا فِیْۤ اَصْحٰبِ السَّعِیْرِ ۟

আৰু কাফিৰ বিলাকে ক’বঃ আমি যদি উপকৃত হোৱাৰ বাবে শুনিলোহেঁতেন অথবা সত্য আৰু অসত্যৰ মাজত পৃথককাৰী ব্যক্তি সকলৰ দৰে বুজিলোহেঁতেন তেন্তে আজি আমি জাহান্নামত প্ৰৱেশকাৰী সকলৰ অন্তৰ্ভুক্ত নহলোহেঁতেন। বৰং ৰাছুল সকলৰ প্ৰতি ঈমান আনিলোহেঁতেন, তেখেতসকলে আনা সংবাদ সত্য বুলি মানিলোহেঁতেন আৰু জান্নাতত প্ৰৱেশকাৰী সকলৰ অন্তৰ্ভুক্ত হব পাৰিলোহেঁতেন। info
التفاسير:
本諸節の功徳:
• في معرفة الحكمة من خلق الموت والحياة وجوب المبادرة للعمل الصالح قبل الموت.
মৃত্যু আৰু জীৱনৰ ৰহস্যত এই কথা লুপ্ত হৈ আছে যে. বান্দাৰ মৃত্যু অহাৰ আগতে সৎ কৰ্ম কৰিবলৈ খৰখেদা কৰা উচিত। info

• حَنَقُ جهنم على الكفار وغيظها غيرةً لله سبحانه.
জাহান্নাম আল্লাহৰ বাবে গৌৰৱ স্বৰূপ আৰু কাফিৰবিলাকৰ বিৰুদ্ধে প্ৰকোপ আৰু ক্ৰোধ প্ৰকাশ। info

• سبق الجن الإنس في ارتياد الفضاء وكل من تعدى حده منهم، فإنه سيناله الرصد بعقاب.
এই কথাৰ উল্লেখ যে, জিনে শূন্যত বিচৰণ কৰে আৰু তাৰ পৰা যিয়েই সীমাৰ বাহিৰত যাবলৈ প্ৰয়াস কৰে সি শাস্তিৰ সন্মুখীন হ’ব লগা হয়। info

• طاعة الله وخشيته في الخلوات من أسباب المغفرة ودخول الجنة.
আল্লাহৰ আনুগত্য আৰু একান্ত অৱস্থাত তেওঁক ভয় কৰা, এইটো ক্ষমা প্ৰাপ্তিৰ আৰু জান্নাত প্ৰৱেশ কৰাৰ উপায় বা মাধ্যম। info