クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
28 : 34

وَمَاۤ اَرْسَلْنٰكَ اِلَّا كَآفَّةً لِّلنَّاسِ بَشِیْرًا وَّنَذِیْرًا وَّلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟

হে ৰাছুল! আমি আপোনাক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছোঁ। যাতে আপুনি মুত্তাক্বীসকলক জান্নাতৰ সুসংবাদ দিয়ে। আনহাতে কাফিৰ আৰু পাপিষ্ঠসকলক জাহান্নামৰ পৰা সতৰ্ক কৰে। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। কিয়নো যদি জানিলেহেঁতেন তেন্তে কেতিয়াও আপোনাক অস্বীকাৰ নকৰিলেহেঁতেন। info
التفاسير:
本諸節の功徳:
• التلطف بالمدعو حتى لا يلوذ بالعناد والمكابرة.
যি ব্যক্তিক ইছলামলৈ নিমন্ত্ৰণ জনোৱা হ’ব তেনে ব্যক্তিৰ সৈতে নম্ৰ ব্যৱহাৰ আৰু সদাচৰণ কৰা উচিত, যাতে সি বিদ্বেষ আৰু অহংকাৰৰ পথ অৱলম্বন নকৰে। info

• صاحب الهدى مُسْتَعْلٍ بالهدى مرتفع به، وصاحب الضلال منغمس فيه محتقر.
হিদায়তপ্ৰাপ্ত লোকসকলে হিদায়তৰ কাৰণে উচ্চ মৰ্যাদা লাভ কৰে। আনহাতে পথভ্ৰষ্ট লোকসকলে বিভ্ৰান্তিত পতিত হৈ অপমান তথা লাঞ্ছনাগ্ৰস্ত হয়। info

• شمول رسالة النبي صلى الله عليه وسلم للبشرية جمعاء، والجن كذلك.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল, আৰু এইদৰে গোটেই জ্বিন জাতিৰ বাবেও তেওঁ ৰাছুল। info