クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
9 : 30

اَوَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَیَنْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ مِنْ قَبْلِهِمْ ؕ— كَانُوْۤا اَشَدَّ مِنْهُمْ قُوَّةً وَّاَثَارُوا الْاَرْضَ وَعَمَرُوْهَاۤ اَكْثَرَ مِمَّا عَمَرُوْهَا وَجَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ ؕ— فَمَا كَانَ اللّٰهُ لِیَظْلِمَهُمْ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟ؕ

ইহঁতে পৃথিৱীত চলাফুৰা নকৰে নেকি, তেতিয়াহে চিন্তা-চৰ্চা কৰিব পাৰিলেহেঁতেন যে, ইহঁতৰ পূৰ্বে যিসকলে অস্বীকাৰ কৰিছিল সিহঁতৰ কি দশা হৈছিল? সেই উম্মতসমূহ ইহঁততকৈও শক্তিশালী আছিল। সিহঁতে প্ৰচুৰ পৰিমাণে খেতি-বাতি কৰিছিল আৰু নিৰ্মাণ কাৰ্য্য কৰিছিল। ইহঁততকৈ সিহঁতেই অধিক উন্নতি কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে যেতিয়া আল্লাহৰ তাওহীদৰ স্পষ্ট দলিল-প্ৰমাণসমূহ লৈ আগমন কৰিছিল, তেতিয়া সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আল্লাহে সিহঁতক ধ্বংস কৰি অন্যায় কৰা নাই। বৰং সিহঁতে কুফৰী কৰি আৰু নিজকে ধ্বংসৰ গৰাহত নিক্ষেপ কৰি নিজৰেই ক্ষতি কৰিছিল। info
التفاسير:
本諸節の功徳:
• العلم بما يصلح الدنيا مع الغفلة عما يصلح الآخرة لا ينفع.
আখিৰাতত সফলতা লাভ কৰিব পৰা আমলসমূহক অৱজ্ঞা কৰি, কেৱল পাৰ্থিৱ জীৱনৰ উন্নতিয়ে একো উপকাৰ সাধন কৰিব নোৱাৰে। info

• آيات الله في الأنفس وفي الآفاق كافية للدلالة على توحيده.
মানুহৰ শৰীৰত আৰু বিশ্বজগতত বিস্তৃত থকা আল্লাহৰ নিদৰ্শনসমূহেই তেওঁৰ তাওহীদ প্ৰমাণ কৰিবলৈ যথেষ্ট। info

• الظلم سبب هلاك الأمم السابقة.
অন্যায়-অত্যাচাৰৰ কাৰণেই পূৰ্বৱৰ্তী উম্মতসমূহ ধ্বংস হৈছে। info

• يوم القيامة يرفع الله المؤمنين، ويخفض الكافرين.
কিয়ামতৰ দিনা আল্লাহে মুমিনসকলক সুউচ্চ স্থান দান কৰিব। আনহাতে কাফিৰসকলক নিকৃষ্ট ঠাইত নিক্ষেপ কৰিব। info