クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
84 : 19

فَلَا تَعْجَلْ عَلَیْهِمْ ؕ— اِنَّمَا نَعُدُّ لَهُمْ عَدًّا ۟ۚ

এতেকে হে ৰাছুল! আপুনি আল্লাহৰ ওচৰত সিহঁতৰ ধ্বংস সম্পৰ্কীয় অনুৰোধ কৰাত বেছি খৰখেদা নকৰিব। নিশ্চয় আমি সিহঁতৰ জীৱনৰ এটা এটা পল হিচাপ কৰি আছোঁ। অৱশেষত সিহঁতৰ অৱকাশৰ সময়সীমা যেতিয়া সমাপ্ত হ'ব, তেতিয়া আমি সিহঁতক সেই শাস্তিয়ে প্ৰদান কৰিম যিটো শাস্তি পোৱাৰ সিহঁত উপযুক্ত। info
التفاسير:
本諸節の功徳:
• تدل الآيات على سخف الكافر وسَذَاجة تفكيره، وتَمَنِّيه الأماني المعسولة، وهو سيجد نقيضها تمامًا في عالم الآخرة.
এই আয়াতসমূহে কাফিৰসকলৰ মুৰ্খতা, নিকৃষ্ট মানসিকতা আৰু সিহঁতৰ আকৰ্ষণীয় আশাত নিমজ্জিত থকাৰ বৰ্ণনা কৰে। অথচ আখিৰাতত সিহঁতে সম্পূৰ্ণ বিপৰীত অৱস্থাৰ সন্মুখীন হ'ব। info

• سلَّط الله الشياطين على الكافرين بالإغواء والإغراء بالشر، والإخراج من الطاعة إلى المعصية.
আল্লাহে কাফিৰসকলক পথভ্ৰষ্ট কৰিবলৈ চয়তানক শক্তি প্ৰদান কৰিছে, যাতে সি সিহঁতক বেয়া কৰ্মত প্ৰৰোচনা দিয়ে, তথা সিহঁতক আনুগত্যৰ পৰা উলিয়াই গুনাহৰ ফালে লৈ যায়। info

• أهل الفضل والعلم والصلاح يشفعون بإذن الله يوم القيامة.
মৰ্যাদাৱান, জ্ঞানী আৰু সদাচাৰীসকলে কিয়ামতৰ দিনা আল্লাহৰ অনুমতিত মধ্যস্ততা কৰাৰ সুবিধা লাভ কৰিব। info