Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
63 : 8

وَاَلَّفَ بَیْنَ قُلُوْبِهِمْ ؕ— لَوْ اَنْفَقْتَ مَا فِی الْاَرْضِ جَمِیْعًا مَّاۤ اَلَّفْتَ بَیْنَ قُلُوْبِهِمْ ۙ— وَلٰكِنَّ اللّٰهَ اَلَّفَ بَیْنَهُمْ ؕ— اِنَّهٗ عَزِیْزٌ حَكِیْمٌ ۟

আৰু যিসকল মুমিনৰ দ্বাৰা আপোনাক সহায় কৰা হৈছে, তেওঁলোকৰ বিস্তৃত অন্তৰসমূহক তেৱেঁই একত্ৰিত কৰিছে। তেওঁলোকৰ অৱস্থা এনেকুৱা আছিল যে, যদি পৃথিৱীৰ সকলো ধন তেওঁলোকৰ অন্তৰসমূহ একত্ৰিত কৰিবলৈ ব্যয় কৰিলেও আপুনি তেওঁলোকৰ অন্তৰক একত্ৰিত কৰিব নোৱাৰিলেহেঁতেন। কিন্তু আল্লাহে এই কাম কৰি দেখুৱালে। ৰাজত্বত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত, নিয়ন্ত্ৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• في الآيات وَعْدٌ من الله لعباده المؤمنين بالكفاية والنصرة على الأعداء.
উক্ত আয়াতসমূহত আল্লাহে মুমিন বান্দাসকলৰ লগত প্ৰতিশ্ৰুতি কৰিছে যে, তেৱেঁই মুমিনসকলৰ বাবে যথেষ্ট, আৰু শত্ৰুসকলৰ বিৰুদ্ধে বিজয় প্ৰদান কৰিব। info

• الثبات أمام العدو فرض على المسلمين لا اختيار لهم فيه، ما لم يحدث ما يُرَخِّص لهم بخلافه.
যুদ্ধৰ ময়দানত শত্ৰুৰ লগত দৃঢ় মুকাবিলা কৰা মুছলিমসকলৰ বাবে অনিবাৰ্য। এই ক্ষেত্ৰত কোনো অৱকাশ দিয়া নহয়। এয়া সুকীয়া কথা যে, যদি কোনো এনেকুৱা পৰিস্থিতি সৃষ্টি হয়, যাৰ ফলত ময়দান ত্যাগ কৰাটো উত্তম। info

• الله يحب لعباده معالي الأمور، ويكره منهم سَفْسَافَها، ولذلك حثهم على طلب ثواب الآخرة الباقي والدائم.
আল্লাহে বান্দাসকলৰ বাবে উত্তম বস্তু পছন্দ কৰে আৰু নিকৃষ্ট বস্তু অপছন্দ কৰে। সেই কাৰণেই তেওঁলোকক আখিৰাতৰ চিৰস্থায়ী প্ৰতিদান প্ৰাৰ্থনা কৰাৰ বাবে উৎসাহিত কৰে। info

• مفاداة الأسرى أو المنّ عليهم بإطلاق سراحهم لا يكون إلا بعد توافر الغلبة والسلطان على الأعداء، وإظهار هيبة الدولة في وجه الآخرين.
কয়েদীসকলৰ পৰা মুক্তিপণ লৈ অথবা সিহঁতৰ প্ৰতি সহানুভূতি দেখুৱাই তেতিয়াহে মুক্তি দিয়া উচিত, যেতিয়া শত্ৰুসকল পৰিপূৰ্ণৰূপে পৰাজিত হ'ব আৰু সিহঁতৰ ওপৰত প্ৰভূত্ব প্ৰতিষ্ঠা হ'ব, লগতে আন আন লোকসকলৰ অন্তৰত ইছলামী ৰাষ্ট্ৰৰ ভয় সোমাই পৰিব। info