Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
37 : 6

وَقَالُوْا لَوْلَا نُزِّلَ عَلَیْهِ اٰیَةٌ مِّنْ رَّبِّهٖ ؕ— قُلْ اِنَّ اللّٰهَ قَادِرٌ عَلٰۤی اَنْ یُّنَزِّلَ اٰیَةً وَّلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟

মুশ্বৰিকসকলে কঠোৰতা দেখুৱাই আৰু ঈমানৰ ক্ষেত্ৰত প্ৰৱঞ্চনা কৰি কয়ঃ মুহাম্মদক তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা অলৌকিক নিদৰ্শন কিয় দিয়া হোৱা নাই যিটো তেওঁৰ সত্যতাৰ প্ৰমাণ বহন কৰে। হে ৰাছুল! আপুনি কৈ দিয়কঃ নিশ্চয় আল্লাহ তাআলা এনেকুৱা নিদৰ্শন প্ৰেৰণ কৰিবলৈ সক্ষম যিটো সিহঁতে বিচাৰে। সিহঁতৰ অধিকাংশই নিদৰ্শন বিচাৰে কিন্তু সিহঁতে নাজানে যে, আল্লাহে কেৱল হিকমত অনুসাৰেহে নিদৰ্শন অৱতীৰ্ণ কৰে, সিহঁতৰ ইচ্ছা অনুসাৰে নহয়। যদি আল্লাহে অৱতীৰ্ণ কৰিলেহেঁতেন আৰু তাৰ পিছত সিহঁতে যদি ঈমান পোষণ নকৰিলেহেঁতেন তেন্তে অৱশ্যে সিহঁতক বিনাশ কৰিলেহেঁতেন। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• تشبيه الكفار بالموتى؛ لأن الحياة الحقيقية هي حياة القلب بقَبوله الحق واتباعه طريق الهداية.
কাফিৰসকলক মৃত ব্যক্তিৰ লগত তুলনা কৰা হৈছে। কাৰণ বাস্তৱ জীৱন হৈছে হৃদয়ৰ জীৱন, যেতিয়া লৈকে ই সত্য গ্ৰহণ কৰিব আৰু হিদায়তৰ পথ অনুসৰণ কৰিব। info

• من حكمة الله تعالى في الابتلاء: إنزال البلاء على المخالفين من أجل تليين قلوبهم وردِّهم إلى ربهم.
আল্লাহে মানুহক বিপদ-আপদ দিয়াৰ এটা ৰহস্য এই যে, যিসকলে আল্লাহৰ অবাধ্যতা কৰে, আল্লাহে সিহঁতক বিপদত পেলায়, যাতে সিহঁতৰ অন্তৰ কোমল হয় আৰু আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰে। info

• وجود النعم والأموال بأيدي أهل الضلال لا يدل على محبة الله لهم، وإنما هو استدراج وابتلاء لهم ولغيرهم.
পথভ্ৰষ্ট ব্যক্তিৰ হাতত ধন-সম্পত্তি তথা নিয়ামত থকাটো এই কথাৰ প্ৰমাণ বহন নকৰে যে, আল্লাহে সিহঁতক ভাল পায়, বৰং এইটো আল্লাহৰ ফালৰ পৰা সিহঁতৰ বাবে পৰীক্ষা আৰু অৱকাশ। info